বঙাইগাঁৱৰ ৰাজপথত ভুৱা আৰক্ষীৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 6:53 AM IST

thumbnail

বঙাইগাঁও, 19 ডিচেম্বৰ : সোমবাৰে নিশা বঙাইগাঁৱৰ ৰাজপথত ভুৱা আৰক্ষীৰ তাণ্ডৱ । ভুৱা পুলিচৰ পৰিচয় দি ৰাজপথত RJ -02-2834 নম্বৰৰ 14 চকীয়া ট্ৰাকৰ নথি-পত্ৰ কাঢ়ি উধাও হয় ভুৱা আৰক্ষীৰ দলটো । জানিব পৰামতে, বলেৰ’ বাহন আৰু বাইক লৈ আহিছিল ভুৱা আৰক্ষীৰ দলটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, "POLICE" লিখা এখন বলেৰ’ বাহন লৈ বঙাইগাঁও সদৰ থানাৰ অধীনৰ চাপ্ৰাকাটা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱকৰ এটা দলে নিজকে আৰক্ষী বুলি পৰিচয় দি 14 চকীয়া ট্ৰাক এখনক সোধা পোছা কৰি চালকজনৰ পৰা নথি পত্ৰ লৈ উধাও হয় ৷ লগে লগে এই ঘটনা দেখি ট্ৰাকখনৰ চালকজনৰ সন্দেহ ওপজাত তেওঁ বঙাইগাঁও সদৰ থানাৰ কাষ চাপে ৷ আৰক্ষীয়ে লগে লগে চালকজনৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ ভুৱা আৰক্ষীৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷

আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই কম সময়ৰ ভিতৰতে ভুৱা আৰক্ষীৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন তিনি ভুৱা আৰক্ষী হৈছে বিজনীৰ বাপন দেৱনাথ, কাজলগাঁৱৰ শ্বামলা বসুমতাৰী, বঙাইগাঁৱৰ নিৰঞ্জন দেৱনাথ ৷ লগতে আৰক্ষীয়ে পুলিচ লিখা বলেৰ’ বাহনখনো জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ নম্বৰ AS 01 EJ 6934 বুলি জানিব পৰা গৈছে । বৰ্তমানো ভুৱা আৰক্ষীৰ দলটোৰ কেইবাজনো পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে পলাতকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

ইফালে ট্ৰাকখনত প্ৰায় 27 টন খয়েৰ গছৰডাল উদ্ধাৰ হোৱাৰ পিচতে ঘটনাস্থলীত বন বিভাগৰ দলো উপস্থিত হয়।

লগতে পঢ়ক: বালি মাফিয়াক বাধা দিবলৈ গৈ প্ৰহাৰৰ বলি হ’ল যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.