Fake gold seized in Raha:ৰহাত আৰক্ষীৰ জালত দুই নকল সোণ বেপাৰী

By

Published : Aug 2, 2023, 8:25 PM IST

thumbnail

ৰহা, ২ আগষ্ট: এইবাৰ মাছ বেপাৰীৰ ৰূপত নকল সোণৰ বেহা । আৰক্ষীয়ে নকল সোণ বেপাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ মাজতে ৰহা আৰক্ষীৰ জালত নকল সোণসহ দুই বেপাৰী । বুধবাৰে ৰহা আৰক্ষীয়ে ৫৫৭ গ্ৰাম নকল সোণসহ হাতে লোটে কৰায়ত্ত কৰে দুই বেপাৰীক । ধৃত বেপাৰী দুটা হৈছে কাচেম আলী আৰু আমজদ আলী । দুয়োৰে ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰত ।

জানিব পৰা মতে,কাচেম আলী আৰু আমজদ আলীয়ে দীৰ্ঘদিন ধৰি ৰহাৰ কাকতিগাঁৱত বাস কৰি মাছৰ ব্যৱসায় কৰি আহিছিল । পিচত ৰহা গড়মাৰিৰ ৰূপিত দাস নামৰ এজন যুৱকক মাছ বিক্ৰী কৰিবলৈ আহি সোণ কিনা-বেচাৰ কথা পাতে । কিন্তু যুৱকজনৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে আৰু বুধবাৰে নকল সোণ বিক্ৰী কৰিবলৈ আহোতেই ৰহা আৰক্ষীয়ে আটক কৰে দুই ব্যৱসায়ীক । 

লগতে পঢ়ক:Target Lok Sabha election:চিলাপথাৰত নিশা দলীয় কৰ্মীক সাক্ষাৎ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.