ETV Bharat / state

Target Lok Sabha election:চিলাপথাৰত নিশা দলীয় কৰ্মীক সাক্ষাৎ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

author img

By

Published : Aug 2, 2023, 6:49 PM IST

চিলাপথাৰত কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ উপস্থিত । সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে ৰাজ্যসভাৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ নেত্ৰী ৰাণী নৰহ ।

Ex MP Rani Naraha
কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ

কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ

জোনাই, ২আগষ্ট: আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে সাজু হৈছে ৰাজনৈতিক দল । পিছপৰি থকা নাই ৰাজনৈতিক নেতাসকলো । নিৰ্বাচনৰ দিন চমুচাপি অহাৰ সময়তেই দীৰ্ঘদিন নীৰৱে থকা ৰাণী নৰহৰ হঠাতে আৱিৰ্ভাৱ ঘটিল চিলাপথাৰত । মঙলবাৰে হঠাৎ নিশা চিলাপথাৰত কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ উপস্থিত হৈ একাংশ লোকৰ সৈতে তেওঁৰ প্ৰস্তুতি সম্পৰ্কে মত বিনিময় কৰে ।

সাধাৰণতে দলৰ সাংগঠনিক কামকাজত ৰাণী নৰহক দেখা পোৱা নাযায় যদিও শেহতীয়াকৈ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সমষ্টিত আৱিৰ্ভাৱ হৈছে লখিমপুৰ লোকসভা সমষ্টিৰ দুবাৰ সাংসদ তথা কংগ্ৰেছ নেত্ৰী ৰাণী নৰহৰ । সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ ।

লগতে পঢ়ক:Power workers Protest: চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত নতুন নিযুক্তি নিদিবলৈ দাবী অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ

সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলীয় কৰ্মীৰ সৈতে যোগসূত্ৰ স্থাপন কৰিবলৈ মঙলবাৰে নিশা হঠাৎ জোনাই সমষ্টিৰ চিলাপথাৰত উপস্থিত হয় ৰাণী নৰহ । দলীয় কৰ্মীৰ সৈতে মিলিত হৈ তেওঁ মতবিনিময় কৰে । অৱশ্যেই সকলো দলৰ হাইকমাণ্ডে নিৰ্ধাৰণ কৰিব বুলি কয় জ্য়েষ্ঠ নেত্ৰী গৰাকীয়ে ।

ইফালে,ৰাষ্ট্ৰীয় বজৰং দলে মুকলিকৈ মাৰণাস্ত্ৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"অস্ত্ৰ কেৱল গৃহ বিভাগৰ লগতে থাকিব পাৰে । যদি কোনো ব্যক্তি বা লোকে অস্ত্ৰ প্ৰশিক্ষণ দিছে তেন্তে চৰকাৰে ততালিকে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এনে লোকক গ্ৰেপ্তাৰ কৰিব লাগে ।"

ৰাণী নৰহৰ হঠাৎ আৱিৰ্ভাৱে স্পষ্ট হৈ পৰিছে যে সমাগত লোকসভা নিৰ্বাচনত দলে টিকেট দিলে লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো এক প্ৰকাৰ খাটাং বুলিয়েই ক'ব পাৰি ।

লগতে পঢ়ক:Bajrang dal hold protest:জেহাদী মৌলবাদীৰ প্ৰতিকৃতি দাহ কৰি বিশ্ব হিন্দু পৰিষদৰ যুৱ বাহিনী বজৰং দলৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.