Bajrang dal hold protest:জেহাদী মৌলবাদীৰ প্ৰতিকৃতি দাহ কৰি বিশ্ব হিন্দু পৰিষদৰ যুৱ বাহিনী বজৰং দলৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 2, 2023, 4:09 PM IST

thumbnail

নলবাৰী, ২ আগষ্ট : নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ জেহাদী মৌলবাদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন । জেহাদী মৌলবাদীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে ।

নলবাৰী চহৰৰ আম্বেদকাৰ চ’কত মৌলবাদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে পৰিৱেশ উত্তাল কৰি তোলে । জেহাদী মৌলবাদী শক্তি হায় হায় , হিন্দু হত্যা সহ্য কৰা নহ’ব , মৌলবাদী শক্তি হুঁচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ নেতা কৰ্মীয়ে । হাৰিয়ানাৰ ঘটনাত এজন লোকক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰাক লৈ ক্ষোভিত হয় সংগঠনটোৰ নেতা কৰ্মী । দ্বিতীয় বাৰলৈ তেনে কোনো হিন্দু লোকৰ ওপৰ আক্ৰমণ হ’লে প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ সাজু বুলি হুংকাৰ প্ৰদান কৰে সংগঠনৰ নেতৃত্বই ।

লগতে পঢ়ক : AJYCP on Rashtriya bajrang dal:অস্ত্ৰ প্ৰশিক্ষণ দিয়া সংগঠন নিষিদ্ধ কৰাৰ দাবী AJYCP ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.