ETV Bharat / state

Power workers Protest: চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত নতুন নিযুক্তি নিদিবলৈ দাবী অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ

author img

By

Published : Aug 2, 2023, 1:50 PM IST

শক্তিখণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল লখিমপুৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় । অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ।

Power workers Protest in Lakhimpur
অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

লখিমপুৰ, 2 আগষ্ট: লখিমপুৰত বিদ্যুৎ খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ লখিমপুৰৰ কমলাবাৰী পথস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বুধবাৰে বিদ্যুৎ খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । সমগ্র ৰাজ্যত নিয়োজিত হৈ থকা 5 সহস্ৰাধিক অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত অস্থায়ী কৰ্মচাৰীসকলে এইদৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে ।

‘‘বিদ্যুৎ বিভাগ হায় হায়’’, ‘‘বিদ্যুৎ বিভাগ হুঁচিয়াৰ’’, ‘‘অসম চৰকাৰ হায় হায়’’, ‘‘শক্তি খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰক’’ আদি শ্লোগান দি কৰ্মচাৰীসকলে বিদ্যুৎ বিভাগৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীত অস্থায়ী কৰ্মচাৰীসকলৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘বিদ্যুৎ বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ সঠিক তথ্য চৰকাৰক প্ৰদানত ব্যৰ্থ হৈছে । দীর্ঘ দিন ধৰি এইসকল কৰ্মচাৰীয়ে আন্দোলন-প্ৰতিবাদ কৰি অহাৰ পাছতো আজিলৈকে চাকৰি নিয়মীয়াকৰণৰ বাবে ব্যৱস্থা কৰা নাই । বিদ্যুৎ বিভাগক লাভৰ মুখ দেখুৱাওৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভূমিকা অপৰিসীম ৷ যদিও তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণত বিভাগে বঞ্চনা কৰিছে ।’’

বিভাগটোত নতুন নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে বিভাগটোত নতুন নিযুক্তি প্ৰদানত আপত্তি নাই ৷ কিন্তু তাৰ পূৰ্বে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰিব লাগিব । যদি অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি সোনকালে নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰখনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অচিৰেই গুৱাহাটীস্থ শক্তি বিভাগৰ মুখ্য কাৰ্যালয় বিজুলী ভৱন ঘেৰাও কাৰ্যসূচীৰ লগতে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Communal clash in Haryana: মণিপুৰৰ পিচত জ্বলিছে হাৰিয়ানা, দোকান-ৰেষ্টুৰেণ্ট-ধৰ্মীয় গৃহত আক্ৰমণ দুৰ্বৃত্তৰ, নিহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.