Fake gold smuggler arrested: শোণিতপুৰ জিলাৰ গুদামঘাটত নকল সোণসহ আটক সৰবৰাহকাৰী

By

Published : May 18, 2023, 9:52 PM IST

Updated : May 19, 2023, 9:59 AM IST

thumbnail

ৰঙাপৰা, 18 মে’:  বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ গুদামঘাটত নকল সোণসহ আটক এটা সৰবৰাহকাৰী ৷ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটত প্ৰায় এক কেজি ওজনৰ নকল সোণসহ আটক কৰা হয় সৰবৰাহকাৰীক (Fake gold smuggler arrested in Sonitpur) ৷  

গোপন সূত্ৰে পোৱা খবৰ অনুসৰি পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই ছামছুল আলি নামৰ এটা নকল সোণৰ ব্যৱসায়ীক আটক কৰে (Fake gold smuggler arrested) ৷ চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনেশ চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা দলে গুদামঘাট মছজিদৰ ওচৰত থকা ধৃত সৰবৰাহকাৰীটোৰ বাসগৃহৰ পৰা অভিযান চলাই নকল সোণখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত নকল সোণখিনিৰ ওজন প্ৰায় 1 কেজি হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে (Fake gold Seized in Somitpur) ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death : জোনমণি ৰাভাৰ মৃত্যুক লৈ আভাজ্যোতি ৰাভা আৰু মনোজ ৰাজবংশীক জেৰা CID ৰ

Last Updated : May 19, 2023, 9:59 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.