AATSA Protest in Duliajan:চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ আটছাৰ

By

Published : Jul 19, 2023, 7:40 PM IST

thumbnail

নাহৰকটীয়া,19 জুলাই: শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে তেল অন্বেষণ আৰু পাইপ লাইন বহোৱাৰ নামত দুলীয়াজানৰ শান্তি চাহ বাগিচাত উচ্ছেদৰ বাবে সাজু হৈছে ৷ দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ শান্তি চাহ বাগিচাৰ প্ৰায় ২৩ বিঘা চাহ বাগিচাৰ মাটি উচ্ছেদৰ বাবে কৰিব অইল কৰ্তৃপক্ষই ৷ তেল অন্বেষণ আৰু পাইপ লাইন বহোৱাৰ বাবে যো-জা চলাই থকা অইল ইণ্ডিয়াৰ উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ । বুধবাৰে দুলীয়াজানৰ ভাদৈ পাঁচআলিত উচ্ছেদৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

"চাহ জনগোষ্ঠীৰ এক মাত্ৰ সম্বল চাহ গছ আৰু চাহ গছৰ অবিহনে চাহ জনগোষ্ঠীৰ লোকে জীয়াই থাকিব নোৱাৰে ৷ চাহ বাগিচা উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ’ব ৷ উচ্ছেদ কৰিবলৈ আহিলে বাহন সমূহ ধ্বংস কৰিম ৷ উচ্ছেদ বন্ধ নকৰিলে অইলৰ বিৰুদ্ধে জংগী আন্দোলনৰ কৰিম ৷’’ এই হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ সন্থাটোৰ ৷

লগতে পঢ়ক:Leopard Caged: ডিব্ৰুগড়ত দুদিনত দুটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.