Leopard Caged: ডিব্ৰুগড়ত দুদিনত দুটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Jul 19, 2023, 12:22 PM IST

thumbnail

ডিব্ৰুগড়, 19 জুলাই: ডিব্ৰুগড়ত এতিয়াও জন অৰণ্যত মুক্ত বিচৰণ কৰিছে নাহৰফুটুকীয়ে ৷ ডিব্ৰুগড়ৰ গ্ৰাম্য অঞ্চলত এতিয়া নাহৰফুটুকীৰ ভয়ত সন্ধিয়া ঘৰৰ পৰা নোলোৱা হৈছে ৰাইজ ৷ প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত নাহৰফুটুকীয়ে ভক্ষণ কৰিছে ৰাইজৰ পোহনীয়া জীৱ- জন্তু ৷  

শেহতীয়াকৈ ডিব্ৰুগড়ত দুটা দিনত দুটাকৈ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে ৷ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ গদাপানী উৰণীয়া সেঁতুৰ কাষতে বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছতেই বন বিভাগে নাহৰফুটুকীটো উদ্ধাৰ কৰি জকাই সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷  

আনহাতে সোমবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তথা টিংখাঙৰ নীলমণি চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ বাগিচাৰ 16 নম্বৰ অঞ্চলত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় বাঘটো ৷ দীৰ্ঘদিন ধৰি নীলমণি চাহ বাগিচা আৰু দাঁতিকাষৰীয়া অঞ্চল সমূহত পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ বাগিছাত পাত তুলি থকা এগৰাকী শ্ৰমিকো বাঘৰ আক্ৰমণত আহত হয় ৷ পূৰ্বেও বাগিচাখনত কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ হৈছিল ৷ ইফালে বাগিচাখনত আন কেইবাটাও বাঘ বিচৰণ কৰি থকাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক : Constituency Delimitation 2023: ডিব্ৰুগড় জিলাৰ নতুন সমষ্টি নিৰ্ধাৰণক লৈ 21 জুলাইত অনুষ্ঠিত হ'ব শুনানি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.