সাৱধানে থাকক, সুৰক্ষিত থাকক : নলবাৰীত এবছৰত 488 গৰাকী লোকক সৰ্পৰ দংশন - snake bite cases in Nalbari

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:46 PM IST

thumbnail
নলবাৰীত বিগত এবছৰত 488 গৰাকী লোকক সৰ্প দংশন (ETV BHARAT ASSAM)

নলবাৰী, 27 মে’ : নলবাৰীত অভাৱনীয় হাৰত বৃদ্ধি সৰ্প দংশনৰ ঘটনা । শেহতীয়াকৈ জিলাখনত সৰ্প দংশনৰ ঘটনা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে বিভিন্নজনৰ লগতে সচেতন মহল । জিলাখনত পাহাৰ নতুবা কোনো অৰণ্য নথকাকৈয়েই বৃদ্ধি পোৱা সৰ্প দংশনৰ ঘটনাত এতিয়া চিন্তাৰ কাৰণ হৈছে ।

উল্লেখ্য যে, নলবাৰী চিকিৎসা মহাবিদ্যালয়তে বিগত এবছৰত সৰ্প দংশনৰ বলি হোৱা চাৰি শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰিছে । চিকিৎসালয়খনৰ তথ্য মতে, বিগত 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ 30 এপ্ৰিললৈ মুঠ 488 জন সৰ্প দংশনৰ বলি হৈ চিকিৎসা লাভ কৰিছে । 

তথ্য অনুসৰি, জিলাখনত 277 জন পুৰুষ আৰু 211 গৰাকী মহিলা সৰ্প দংশনৰ বলি হৈছে । অৱশ্যে ইয়াৰে কোনো এগৰাকী লোকৰে মৃত্যু হোৱা নাই বুলি জানিবলৈ দিছে চিকিৎসকে । 

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই সদৰী কৰা অনুসৰি, চিকিৎসালয়খনলৈ অহা বেছিভাগ লোকেই বিষহীন সৰ্পৰ দ্বাৰা দংশিত লোক । জিলাখনত কোনো পাহাৰ, ঘন অৰণ্য নথকাৰ লগতে জলাশয়সমূহ পুতি পেলোৱাৰ বাবেই সৰ্প দংশনৰ ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য প্ৰকাশ কৰে চিকিৎসালয়খনৰ অধ্যক্ষগৰাকীয়ে । তেওঁ ৰাইজক সৰ্প দংশনৰ বলি হ’লেই বেজৰ আশ্ৰয় নলৈ, ততালিকে চিকিৎসকৰ ওচৰ চাপিবলৈ আহ্বান জনায় । আনহাতে তেওঁ চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ এণ্টিভেনম থকা বুলিও জনায় সাংবাদিকৰ আগত ।

লগতে পঢ়ক: Cancer-prone village in Assam: অসমৰ এখন বিশেষ গাঁও, প্ৰতি ঘৰে ঘৰে আছে কৰ্কট ৰোগী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.