Embankment collapsed: জোনাইত ছিগিল জিঅ’ বেগ মথাউৰি; জনপ্ৰতিনিধি-প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ

By

Published : Aug 15, 2023, 9:44 AM IST

Updated : Aug 15, 2023, 12:06 PM IST

thumbnail

জোনাই, 15 আগষ্ট : হঠাৎ বুৰ গ’ল জোনাই মহকুমাৰ চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেবাখনো গাঁও ৷ বিগত দুটা দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা দেঃতাক নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাই জোনাই মহকুমাৰ কেবাখনো গাঁও ৷

জোনাই এগৰাকী স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, ছিগা গাঁও পঞ্চায়তৰ পাহাৰীয়া খৰস্ৰোতা দেঃতাক নদীৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে কিছুদিনৰ পূৰ্বে নাহৰ গেজেৰাত স্থাপন কৰিছিল জিঅ’ বেগ ৷ কিন্তু দেঃতাক নদীত জিঅ’ বেগ স্থাপন কৰিও কোনো সুফল নাপালে ৰাইজে ৷

এজাক বৰষুণতে প্ৰথমবাৰৰ বাবে জোনাই মহকুমাত স্থাপন কৰা জি’অ বেগৰ মথাউৰিটো জহিখহি যায় । ফলত চিগা গাঁও পঞ্চায়তৰ নাহৰ গেজেৰাকে ধৰি বহু কেইখন গাঁৱৰ ঘৰবাৰী, বাট-পথ, কৃষি ভূমি আদি সম্পূৰ্ণৰূপে বুৰ যায় ৷ বৰ্তমান এই অঞ্চলটোত পানী শুকাইছে যদিও নাহৰ গেজেৰা গাঁৱৰ লগতে নিকটৱৰ্তী কেবাখনো গাঁও বোকাময় হৈ অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

আনহাতে বানত প্লাৱিত হোৱা গাঁওসমূহৰ শস্য পথাৰ, পথ আদিত বালি আৰু পলসৰ তৰপ পৰাৰ ফলত পশুধনৰ মাজত ভীষণ খাদ্যৰ সমস্যাই দেখা দিছে । জনপ্ৰতিনিধি তথা প্ৰশাসনৰ কোনো লোকে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ।

লগতে পঢ়ক : 77th Independence Day: গান্ধী অস্থি ধামৰ সোণসেৰীয়া অতীতৰ কথাৰে...

Last Updated : Aug 15, 2023, 12:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.