ETV Bharat / state

77th Independence Day: গান্ধী অস্থি ধামৰ সোণসেৰীয়া অতীতৰ কথাৰে...

author img

By

Published : Aug 15, 2023, 7:50 AM IST

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ অশেষ ত্যাগ আৰু বলিদানৰ বাবেই ১৯৪৭ চনৰ পৰা মুক্তমনে জীয়াই থাকিবলৈ সক্ষম হৈছে ভাৰতবাসীয়ে ৷ বৃটিছ শাসনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়া অসহযোগ আন্দোলনৰ সৈতে অসমৰ আছে মধুৰ সম্পৰ্ক ৷ ১৯২১, ১৯২৬, ১৯৩৬ আৰু ১৯৪৬ চনত মুঠ চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল গান্ধীজীয়ে । ১৯২১ চনৰ প্ৰথম ভ্ৰমণৰ সময়ত ২২ আগষ্ট তাৰিখে গান্ধীজীৰ পদাৰ্পণৰ সাক্ষী কলিয়াবৰীয়া ৰাইজ ৷ গান্ধীজীৰ সৈতে জড়িত থকা এই স্মৃতি বিজড়িত স্থানসমূহে আজিও সোঁৱৰাই সোণসেৰীয়া সেই অতীত ।

77th Independence Day of India
দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস

গান্ধী অস্থি ধামৰ ইতিহাস

কলিয়াবৰ, ১৫ আগষ্ট : আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪৭ চনৰ আজিৰ দিনটোতেই বৃটিছৰ শাসনৰ পৰা মুক্ত হৈছিল ভাৰত ৷ মহামানৱ মহাত্মা গান্ধীৰ সৈতে অসমৰো আছে বিশেষ সম্পৰ্ক ৷

১৯২১ চনৰ কথা ৷ অসহযোগ আন্দোলনৰ ভৰপক সময় ৷ দেশৰ স্বাধীনতাৰ হকে মহাত্মা গান্ধীয়ে ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিছিল ৷ মানৱ দেহৰ শত্ৰু কানি-ভাং-মদৰ লগতে বিদেশী বস্তু বৰ্জন কৰি প্ৰতিজন ভাৰতীয়ক নিজ হাতে কপাহৰ সূতা কাটি কাপোৰ বৈ ল'বলৈ আহ্বান জনাইছিল ।

কিন্তু সেই সময়ত অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নাছিল ৷ যাৰ বাবে অসমত জাতীয় কংগ্ৰছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণ ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনাইছিল । এই আমন্ত্ৰণ ৰক্ষা কৰি ১৯২১ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হয় মহাত্মা গান্ধী ৷

গান্ধীজীৰ উপস্থিতিয়ে নৱগঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল । অসমৰ গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংগবদ্ধ হৈ আন্দোলনত ভাগ ল'বলৈ আহ্বান জনাইছিল ।

১৯২১ চনত গান্ধীজীৰ এই আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতিক আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল । গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ছোৱাত কলিয়াবৰত পদাৰ্পন কৰি কলিয়াবৰক ধন্য কৰিছিল । গান্ধীজীয়ে তেজপুৰৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়লৈ বুলি কৰা যাত্ৰাপথত কলিয়াবৰত উপস্থিত হৈছিল । ১৯২১ চনৰ ২২ আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱা প্ৰায় ৯:৩০ বজাত শিলঘাটত পদাৰ্পন কৰিছিল ।

গান্ধীজীৰ পদস্পৰ্শই পবিত্ৰ কৰিলে শিলঘাট তথা কলিয়াবৰৰ ভূমিখণ্ডক । কলিয়াবৰৰ ঠানুৰাম ভূঞা প্ৰমুখ‍্যে গান্ধীজীৰ বহু অনুগামীয়ে গান্ধীজীক শিলঘাটৰ জাহাজঘাটৰ পৰা আদৰি আনিছিল । বহুলোকে বৃটিছ চৰকাৰৰ ৰোষত ভয়ত গান্ধীজীক দেখা কৰিবলৈ ভয় কৰিছিল । বিশেষকৈ বৃটিছসকলে গান্ধীজীৰ পৰা বহু নিলগত অৱস্থান গ্ৰহণ কৰিছিল । কিন্তু তাৰ মাজতে কলিয়াবৰ এক ব্যতিক্ৰমী ঘটনাৰ সাক্ষী হৈ ৰ'ল ।

গান্ধীজীক জাহাজঘাটৰ পৰা ১৮৮৭ চনত বৃটিছে স্থাপন কৰা শিলঘাট ডাক বঙলালৈ আহিবলৈ তেতিয়াৰ কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰে এখন বাগীৰ যোগান ধৰিছিল যদিও গান্ধীজীয়ে সেই বাগীত নাহি অনুগামীসকলৰ সৈতে খোজ কাঢ়িয়ে ডাক বঙলা পাইছিলহি । শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকাৰণ্য হ'ল । সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অহসযোগৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল । সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপণ কৰিছিল ।

থানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰ প্ৰভূতি কেইবাগৰাকী লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অংগীকাৰ কৰিছিল । গান্ধীজীয়ে শিলঘাটৰ পৰা আহি কুঁৱৰীটোলত কলিয়বৰীয়া ৰাইজক বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কৰাছিল, য’ত কলিয়বৰীয়া সহস্ৰ জনতাই অংশগ্ৰহণ কৰিছিল ৷ সেই বিশেষ স্থানক আজিও গান্ধী পথাৰ নামেৰে জনাজাত ৷

এই গান্ধী পথাৰৰ কাষতে আছে কলিয়াবৰ মুক্তি যুঁজাৰু ভৱন । গান্ধীজীৰ মৃত্যুৰ পিচত চিতা ভষ্ম শিলঘাটৰ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ লগতে গান্ধীৰ সোঁৱৰণত নিৰ্মাণ কৰা হয় গান্ধী অস্থি ধাম ৷ এই ধামে আজিও জিলিকি আছে ইতিহাসৰ সোণালী পাতত ৷

লগতে পঢ়ক : Partition Horrors Remembrance Day: ভাৰত বিভাজনৰ একমাত্ৰ দোষী ব্যক্তি আছিল জিন্না; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.