Educational Trust formed : জোনাইত আবুটানী শৈক্ষিক ন্য়াস গঠন

By

Published : Apr 18, 2023, 1:38 PM IST

thumbnail

জোনাই, ১৮ এপ্ৰিল : এখন সমাজ বা জাতিক সুস্থ সৱল কৰি তুলিবলৈ হ'লে সমাজৰ প্ৰত্যেক গৰাকী ব্যক্তিয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হ'বই লাগিব ৷ সমাজখনে যাতে তেনে এক প্ৰগতিশীল মূল্যবোধৰ শিক্ষাৰে লাভ কৰিব পাৰে তাৰ বাবে দায়িত্ব ল'ব লাগিব সমাজখনৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ৷ এই উদ্দেশ্য আগত ৰাখি দেওবাৰে জোনাই ঙাচাৰচুক উকুমত মিচিং বা:নে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকৰ নেতৃত্বত গঠন কৰা হয় আবুটানী শৈক্ষিক ন্য়াস (Abutani Educational Trust)।

টিএমএমকেৰ জোনাই জিলা সমিতিৰ সহযোগত তথা টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং, টিএমএম কেৰ কেন্দ্ৰীৰ সমিতিৰ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰৰ লগতে জোনাই মহকুমাৰ অন্তৰ্গত কেবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক-অধ্যক্ষৰ উপস্থিতিত এই ন্য়াসটো গঠন কৰা হয় (Educational Trust formed in Jonai)।

উক্ত সভাতে ৰাজু মেদকক সভাপতি, ৰাজকুমাৰ মৰাং আৰু তুষাৰ ঙাতেক উপ সভাপতি, কেমৰাজ লাগাছুক সধাৰণ সম্পাদক, বিনেশ পাতিৰ আৰু প্ৰন্সিচ পাতিৰক সহকাৰী সম্পাদক, জান দলেক কাৰ্যালয় সম্পাদক, মূৰ্কংচেলেক মহাবিদ্যালয়, জোনাই বিজ্ঞান মহাবিদ্যালয় (Jonai Science College), জোনাই বালিকা মহাবিদ্যালয়, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষক লৈ গঠন কৰা হয় শৈক্ষিক ন্য়াস ।

লগতে পঢ়ক : Rangali Bihu at Kalgachia Police Station : কৰ্তব্যৰ মাজতে কলগাছিয়া আৰক্ষী থানাত কঁকাল ভাগি নাচিলে জোৱানে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.