ETV Bharat / bharat

মিজোৰামত ৰেমলৰ প্ৰভাৱত নিহত ২১, ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰীৰ - cyclone Remal hits Mizoram

author img

By PTI

Published : May 28, 2024, 12:39 PM IST

Updated : May 28, 2024, 6:00 PM IST

Mizoram Landslide Incident : মিজোৰামত ৰেমলৰ ভয়াৱহ প্ৰভাৱ । ভূমিস্খলন আৰু শিলৰ কুৱেৰী খহি পৰাৰ ঘটনাত ২১ জন লোকৰ মৃত্যু হয় । মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

Mizoram Stone Quarry Collapse Incident
মিজোৰামত ৰেমল ঘূৰ্ণিৰ প্ৰভাৱত নিহত ২১ (ETV Bharat)

নিউজ ডেস্ক, ২৮ মে’ : মিজোৰামত ৰেমল ঘূৰ্ণিৰ ফলত সংঘটিত ভূমিস্খলন আৰু শিলৰ কুৱেৰী খহি পৰা ঘটনাত ২১ জন লোকৰ মৃত্যু হয় । আনহাতে, ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিয়ালক ১৫ কোটি টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই । এই ঘটনাত মৃত্যু হোৱাসকলৰ আত্মীয়ক ৪ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব ।

উল্লেখ্য যে ৰাজ্যখনৰ চাৰিটা অঞ্চলত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত ভয়ংকৰ ভূমিস্খলনত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো সন্ধানহীন হৈ পৰে । ইয়াৰে ভিতৰত আইজলৰ সমীপৰ মেলথাম, হ্লিমেন, চেলেম আৰু ফেলকন অঞ্চলত ভূমিস্খলনত মুঠ ২১ জন লোকৰ মৃত্যু হোৱা সদৰী কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে । আনহাতে, ভয়ংকৰ ভূমিস্খলনত মেলথামত ১৩ জন, হ্লিমেনত ৬ জন, চেলেম আৰু ফেলকনত এজনকৈ লোকৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে । চৰকাৰী তথ্য অনুসৰি, এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে । জানিবলৈ পৰা মতে, ঘূৰ্ণি ৰেমলৰ প্ৰভাৱত সৃষ্টি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ আইজলৰ সমীপত এই শোকাৱহ ঘটনা সংঘটিত হয় । ঘৰৰ ভিতৰত শুই থকা অৱস্থাতে বৰষুণৰ ফলত মাটি খহি পোত খাই যায় কেইবাটাও পৰিয়াল । পৰৱৰ্তী সময়ত স্থানীয় উদ্ধাৰকাৰী দল আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰাও কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে মঙলবাৰে পুৱা মিজোৰামৰ আইজল জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হয় । এটা শিলৰ কুৱেৰী খহি দহজন লোকৰ মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো লোক সন্ধানহীন হয় । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

ঘটনাটো পুৱা প্ৰায় ৬ বজাত আইজল চহৰৰ দক্ষিণ প্ৰান্তৰ মেল্থুম আৰু হ্লিমেনৰ মাজৰ এটা এলেকাত সংঘটিত হয় ।

বাতৰি লিখাৰ পৰলৈকে দহটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে, আন কেইবাজনো লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) অনিল শুক্লাই পিটিআইক জনায় ।

"ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলি আছে । অৱশ্যে ধাৰাসাৰ বৰষুণে অভিযানত প্ৰভাৱ পেলাইছে ।" তেওঁ কয় ।

নিহতসকলৰ ভিতৰত ৭ জন স্থানীয় লোক । আনহাতে, তিনিজন বহিঃৰাজ্যৰ বুলি আন এগৰাকী আৰক্ষী বিষয়াই কয় ।

তেওঁ কয়, "১০ জনৰো অধিক লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে ।" ইফালে

বৰষুণৰ ফলত ৰাজ্যখনৰ আন কেইবাটাও স্থানত ভূমিস্খলন হয় আৰু ইয়াৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰে ।

আনহাতে, ভূমিস্খলনৰ ফলত আইজলৰ চালেম ভেঙৰ এটা অট্টালিকা খহি যায় । এই ঘটনাত তিনিজন লোক সন্ধানহীন হয় । তেওঁলোকৰ সন্ধানত অনুসন্ধান অভিযান চলি থকা বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ ।

ইফালে হুন্থাৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ ৰাজধানী চহৰখন দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ।

ইয়াৰ উপৰি ভূমিস্খলনৰ ফলত কেইবাটাও আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈছে । মুখ্যমন্ত্ৰী লালডুহোমাই পৰিস্থিতিৰ বুজ ল'বলৈ গৃহমন্ত্ৰী কে সপ্দঙ্গা, মুখ্য সচিব ৰেণু শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।

বৰষুণৰ বাবে সকলো বিদ্যালয় বন্ধ হৈ আছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰাসকলৰ বাহিৰে চৰকাৰী কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক :কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

Last Updated : May 28, 2024, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.