Rangali Bihu at Kalgachia Police Station : কৰ্তব্যৰ মাজতে কলগাছিয়া আৰক্ষী থানাত কঁকাল ভাগি নাচিলে জোৱানে

🎬 Watch Now: Feature Video

thumbnail
কলগাছিয়া আৰক্ষী থানা চৌহদত ৰঙালী বিহু (undefined)

By

Published : April 18, 2023 at 10:05 AM IST

Choose ETV Bharat

বৰপেটা, 18 এপ্ৰিল: ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বৈছে ৰঙালীৰ উচাহ ৷ ৰঙালীৰ ৰঙত মতলীয়া এতিয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন কৰা হৈছে ৰঙালী বিহু ৷ সোমবাৰে কলগাছিয়া আৰক্ষী থানাতো কৰ্তব্যৰ মাজতে হেঁপাহৰ বিহুটি পালন কৰিলে আৰক্ষীসকলে ৷

বৰপেটা জিলা আৰক্ষীৰ নিৰ্দেশ মৰ্মে সোমবাৰে কলগাছিয়া আৰক্ষী থানাত ৰঙালী বিহুৰ আয়োজন কৰা হয় (Rangali Bihu celebrate at Kalgachia police station) ৷ কলগাছিয়া আৰক্ষী থানা প্ৰাংগনত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মা আৰু আন বিষয়াসকলৰ উদ্যোগত প্ৰতি বছৰে এনেদৰে ৰঙালী বিহু উদযাপন কৰি অহা হৈছে (Kalgachia police celebrate Rangali Bihu) ৷

পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি গোসাঁই বিহুৰ দিনাই থানা চৌহদত প্ৰদৰ্শন কৰা হয় হুঁচৰি ৷ লগতে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিক এই অনুষ্ঠানতে বিশেষভাৱে বিহুৰ ওলগ জনায় আৰক্ষী জোৱানসকলে ৷

লগতে পঢ়ক: Deori Bihu Celebration : বিচুক আদৰিবলৈ সাজু ধেমাজিৰ চিচিমুখ দেউৰী গাঁওবাসী 