Rangali Bihu at Rangia police station : কৰ্তব্যৰ মাজতে বিহু বুলি এপাক কঁকাল ঘূৰালে ৰঙিয়া থানাৰ আৰক্ষীয়ে

By

Published : Apr 17, 2023, 5:35 PM IST

thumbnail

ৰঙিয়া, 17 এপ্ৰিল : সমগ্ৰ ৰাজ্য বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে ৰঙিয়া থানাতো ৰঙালী বিহুৰ এক বিশেষ কাৰ্যসূচীৰ গ্ৰহণ কৰা হৈছে । থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ বিশেষ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত ৰঙিয়াৰ থানাৰ সকলো আৰক্ষীয়ে অংশগ্ৰহণ কৰে (Rangia police celebrate Rangali Bihu) ।

থানাৰ চৌহদত অনুষ্ঠিত বিহুৰ উক্ত কাৰ্যসূচীত প্ৰথমে 30 ৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয় । লগতে উপস্থিত আৰক্ষী বিষয়া আৰু কনিষ্টবলে তামোল-পাণৰ শৰাই আগবঢ়াই জ্যেষ্ঠসকলৰ আশীৰ্বাদ লয় । এই অনুষ্ঠানটোৰ মাজতে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ডেকাৰ সঞ্চালনাত এক অন্তৰংগ আলাপৰো আয়োজন কৰা হয় (Rangali Bihu celebrate at Rangia police station)।

উক্ত অনুষ্ঠানত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লীনা পাৱে বিহুৰ পৰম্পৰা আৰু ঐতিহ্যৰ ওপৰত বক্তব্য আগবঢ়ায় । অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ পবিন কলিতা, ৰঙিয়া আলোচনী সভাৰ সভাপতি অকন ডেকা, শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা, ৰঙিয়া লেখিকা সমাৰোহৰ সভানেত্ৰী গৌৰীপ্ৰভা মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চৌধুৰী, অৱসৰপ্ৰাপ্ত শিক্ষক পৰমেশ্বৰ বুজৰবৰুৱা আদিকে ধৰি বহু কেইগৰাকী লোকে বিহুৰ ওপৰত বক্তব্য ৰাখে ।

আনহাতে, ৰঙিয়া আলোচনী সভাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাটোৱাৰীক এটি কিতাপৰ টোপোলা উপহাৰ স্বৰূপে আগবঢ়ায় । ইফালে নাহৰ বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে । এই অনুষ্ঠানৰ অন্তত বিহুৱাসকলৰ লগতে ৰঙিয়া থানাৰ আৰক্ষীসকলেও এপাক বিহু নাচি আনন্দ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Gosai Mela in Raha: ব'হাগৰ প্ৰথম দেওবাৰে ৰহাত আৰম্ভ হ'ল ঐতিহাসিক গোঁসাই উলিওৱা মেলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.