ETV Bharat / health

খাদ্যত বগা নিমখৰ ব্যৱহাৰে মাতিব পাৰে ভয়াৱহ বিপদ - WHITE SALT SIDE EFFECTS

White Salt Side Effects : বগা নিমখ খোৱা বন্ধ কৰক, অন্যথা এই ১৮টা ৰোগৰ বাবে সাজু থাকক ৷

disadvantages of white salt in food can cause many diseases
বগা নিমখৰ অপকাৰিতা (etv bharat)
author img

By ETV Bharat Health Team

Published : May 28, 2024 at 11:17 AM IST

3 Min Read
Choose ETV Bharat

নিমখবিহীন খাদ্য- কল্পনা কৰিব পাৰিবনে আপুনি ? সম্ভৱেই নহয় ৷ নিমখবিহীন খাদ্য সম্পূৰ্ণৰূপে নিস্তেজ । বেছিভাগ ঘৰতে বগা নিমখ খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয় । কিন্তু এই বগা নিমখ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান বিপদজ্জনক কেতিয়াবা ভাবি চাইছেনে ? এই প্ৰতিবেদনত আপোনালোকে পঢ়িবলৈ পাব বগা নিমখৰ অপকাৰিতাৰ বিষয়ে-

নিমখ আমাৰ খাদ্যৰ এক অবিচ্ছেদ্য অংগ । প্ৰায় সকলো খাদ্য সামগ্ৰীতে নিমখ ব্যৱহাৰ কৰা হয় । ই খাদ্যৰ সোৱাদ বৃদ্ধিৰ কাম কৰে । বেছিভাগ মানুহৰ ঘৰতে বগা নিমখ ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । বজাৰত কম দামতে এই বগা নিমখ উপলব্ধ । কিন্তু এই বগা নিমখে আপোনাৰ স্বাস্থ্যৰ ওপৰত কিমান প্ৰভাৱ পেলায় জানেনে ?

বগা নিমখ কেনেদৰে তৈয়াৰ কৰা হয় :

বগা নিমখ ছডিয়াম ক্ল’ৰাইডৰ পৰা তৈয়াৰ কৰা হয় । বগা নিমখৰ প্ৰাকৃতিকভাৱে পোৱা সাগৰীয় নিমখ, শিলৰ নিমখ আৰু স্ফটিক নিমখৰ সৈতে মিল আছে । কিন্তু বগা নিমখে কেৱল খাদ্যত সোৱাদহে যোগান ধৰে । কিয়নো বগা নিমখ খাৰুৱা তেলৰ নিষ্কাশন কৰি ১২০০ ডিগ্ৰী ফাৰেনহাইটত গৰম কৰি তৈয়াৰ কৰা হয় । এই উষ্ণতালৈ নিমখ গৰম কৰিলে ইয়াত থকা প্ৰায় ৮০ টা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ ধ্বংস হৈ যায় ।

বগা নিমখত কি কি থাকে :

বজাৰত সহজে পোৱা বগা নিমখত বহু ধৰণৰ কৃত্ৰিম ৰাসায়নিক পদাৰ্থ যোগ কৰা হয় । ৰাসায়নিক পদাৰ্থযুক্ত এই নিমখবোৰ আপোনাৰ বাবে কেৱল ক্ষতিকাৰক হোৱাই নহয়, বিষাক্তও হৈ পৰে । বগা নিমখ বনাওঁতে ইয়াক বহু ধৰণে কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰে পৰিষ্কাৰ কৰা হয় ৷ গোটেই প্ৰক্ৰিয়াটোৰে পাৰ যোৱাৰ অন্তত এই নিমখত প্ৰাকৃতিক আয়’ডিন নাথাকেগৈ ।

চিকিৎসকৰ মতে বগা নিমখত এই প্ৰাকৃতিক আয়’ডিনৰ অনুপস্থিতিয়ে থাইৰয়ডৰ গুৰুতৰ ক্ষতি কৰে আৰু বিপাকীয় সমস্যাৰ সৃষ্টি কৰে । মন কৰিবলগীয়া কথাটো হ’ল ৰাসায়নিক প্ৰক্ৰিয়াৰে চাফা কৰাৰ সময়ত নাইকিয়া হৈ যোৱা প্ৰাকৃতিক আয়’ডিনৰ অভাৱ পূৰণ কৰিবলৈ কৃত্ৰিম আয়’ডিন যোগ কৰা হয় ।

বগা নিমখৰ ব্যৱহাৰৰ ফলত তলত উল্লেখ কৰা ৰোগবোৰ হয় :

  1. থাইৰয়ড
  2. বৃক্কৰ পাথৰ
  3. পিত্তৰ পাথৰ
  4. যকৃতৰ সমস্যা
  5. উচ্চ ৰক্তচাপ
  6. হাৰ্ট এটেক
  7. হৃদযন্ত্ৰৰ বিকলতা
  8. বিপাকীয় সমস্যা
  9. তৰল পদাৰ্থৰ ভাৰসাম্য বিকল
  10. শৰীৰৰ নিষ্কাশন তন্ত্ৰৰ ওপৰত বোজা
  11. গাঠিৰ বিষ
  12. আলঝেইমাৰ ৰোগ
  13. ফুলা
  14. পেশীৰ বিষ
  15. ষ্ট্ৰোক
  16. এডিমা
  17. ঋতুস্ৰাৱৰ আগৰ লক্ষণ (PMS)
  18. উদ্বেগ আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ

বগা নিমখৰ বিকল্প কি :

গতিকে প্ৰশ্ন উত্থাপন হয় যে যদি আপুনি বগা নিমখ ব্যৱহাৰ নকৰে তেন্তে কোনটো নিমখ ব্যৱহাৰ কৰিব লাগে ? খাদ্যত ব্যৱহাৰ কৰিবলৈ সৰ্বোত্তম নিমখ হ’ল প্ৰাকৃতিক নিমখ বা শিলৰ নিমখ । শিলৰ নিমখ ব্লিচিং কৰি পৰিষ্কাৰ কৰা নহয় ৷ যাৰ বাবে ইয়াৰ প্ৰাকৃতিক খনিজ পদাৰ্থ অক্ষত অৱস্থাত থাকে । শিলৰ নিমখৰ বাহিৰেও ক’লা নিমখ ব্যৱহাৰ কৰিব পাৰে । এইটোও প্ৰাকৃতিক ৰূপত থাকে আৰু ইয়াকো প্ৰক্ৰিয়াকৰণ কৰা নহয় ।

লগতে পঢ়ক : অত্যধিক আয়’ডিনযুক্ত নিমখ মানেই স্বৰ্গযাত্ৰা - IODIZED SALT