ETV Bharat / entertainment

এন টি আৰৰ ১০১ সংখ্যক জন্ম জয়ন্তী : এন টি আৰ ঘাটত শ্ৰদ্ধাঞ্জলি দিগ্গজ শিল্পীজনলৈ - NTR 101st Birth Anniversary

author img

By ETV Bharat Entertainment Team

Published : May 28, 2024, 12:15 PM IST

Updated : May 28, 2024, 3:09 PM IST

NTR 101st Birth Anniversary: জুনিয়ৰ এন টি আৰ আৰু তেওঁৰ ভাতৃ কল্যাণ ৰামে প্ৰয়াত ককাক নন্দমুৰী তাৰকা ৰামা ৰাওক তেওঁৰ 101 সংখ্যক জন্ম জয়ন্তীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁলোকৰ খুৰাক নন্দমুৰী বালকৃষ্ণই তেওঁৰ স্বৰ্গীয় পিতৃ তথা শ্ৰদ্ধেয় অভিনেতা-ৰাজনীতিবিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

NTR 101st Birth Anniversary: Balakrishna, Jr NTR, Kalyan Ram Pay Tribute at NTR Ghat - Watch
এন টি আৰৰ ১০১ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি (etv bharat)

চিটাৰা ডেস্ক, 28 মে’ : কিংবদন্তি অভিনেতা-ৰাজনীতিবিদ নন্দমুৰী তাৰকা ৰামা ৰাওৰ ১০১ সংখ্যক জন্ম বাৰ্ষিকীত তেওঁৰ পুত্ৰ নন্দমুৰী বালকৃষ্ণ, নাতি জুনিয়ৰ এন টি আৰ আৰু কল্যাণ ৰামকে আদি কৰি বিভিন্নজনে আইকনগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এন টি আৰ ঘাটত অভিনেতা দুগৰাকীয়ে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁক ।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকে তেওঁলোকৰ ককাকক সন্মান জনাই আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোতে তেওঁৰ স্মৃতি সজীৱ কৰি তোলে । তেওঁলোকৰ লগতে, নন্দমুৰী পৰিয়ালৰ অনুৰাগীসকলে প্ৰিয় নেতাজনক সন্মান জনোৱাৰ বাবে এনটিআৰ ঘাটত ভিৰ কৰা পৰিলক্ষিত হয় ।

জুনিয়ৰ এন টি আৰ আৰু কল্যাণ ৰামৰ এন টি আৰ ঘাট ভ্ৰমণৰ ছবি আৰু ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে । আনহাতে প্ৰয়াত কিংবদন্তিৰ পুত্ৰ নন্দমুৰী বালকৃষ্ণয়ো এন টি আৰ ঘাটত উপস্থিত হৈ পিতৃক প্ৰাৰ্থনা জনায় ।

৩০০ৰো অধিক ছবিত কাম কৰা নন্দমুৰী তাৰকা ৰামা ৰাৱে নিজৰ প্ৰশংসনীয় কামেৰে ৰূপালী পৰ্দাত নিজৰ স্থান নিগাজী কৰি থৈ গৈছে । তেলেগু দেশম পাৰ্টী প্ৰতিষ্ঠাৰে তেওঁ ৰাজনৈতিক জগতত এক দীৰ্ঘ সময়ৰ বাবে এক সুকীয়া স্থান দখল কৰে ৷ সমান্তৰালকৈ তিনিটাকৈ কাৰ্যকাল তেওঁ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰে ৷ ১৯৯৬ চনৰ ১৮ জানুৱাৰীত হৃদযন্ত্ৰ বিকল হৈ এন টি আৰৰ মৃত্যু হয় ।

জুনিয়ৰ এন.টি.আৰ. প্ৰসিদ্ধ ব্যক্তিত্বৰ বংশৰ পৰা আহিছে । তেওঁৰ ককাকৰ উপৰিও তেওঁৰ দেউতাক নন্দমুৰী হৰিকৃষ্ণ এজন সন্মানীয় অভিনেতা আছিল ৷ লগতে তেওঁৰ খুৰাক নন্দমুৰী বালকৃষ্ণ তেলুগু চলচ্চিত্ৰৰ এজন বিশিষ্ট ব্যক্তি ।

বৰ্তমান নিজৰ আগন্তুক প্ৰজেক্টৰ বাবে হায়দৰাবাদ আৰু মুম্বাইৰ মাজত সঘনে অহা-যোৱা কৰি থকা জুনিয়ৰ এন টি আৰ সাজু হৈছে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ৷ হৃত্বিক ৰোশনৰ সৈতে ৱাৰ-2 ৰ জৰিয়তে বলীউডত খোজ দিব এন টি আৰে ৷ ইয়াৰ লগতে তেওঁৰ হাতত নিৰ্মাণৰত অৱস্থাত আছে কোৰাতালা শিৱাৰ দেৱৰা-পাৰ্ট1 আৰু 2 ৷ ইয়াৰ উপৰিও প্ৰশান্ত নীলৰ সৈতে সহযোগিতাৰে তেওঁৰ হাতত থকা বহু প্ৰত্যাশিত ছবি, যাৰ অস্থায়ী শিৰোনাম হৈছে এনটিআৰ31 হৈছে দক্ষিণৰ এখন পান-ইণ্ডিয়া ছবি ৷

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং : বিমানবন্দৰত ভিৰ অভিনয়-ক্ৰীড়া জগতৰ তাৰকাৰ - anant radhika pre wedding fest

Last Updated : May 28, 2024, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.