ETV Bharat / snippets

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন; শিল খহি আহত শ্ৰমিক

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 12:41 PM IST

labour injured in landslide
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (ETV BHARAT ASSAM)

ধেমাজি, ২৮ মে' : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন । বাৰিষাৰ প্ৰথমজাক বৰষুণতে সোমবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় এই অঘটন । প্ৰবল বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰাইট বেংকত হঠাতে ভূমিস্খলন হয় । এই ভূমিস্খলনত ২০০ মিটাৰ উচ্চতাৰ পৰা শিল খহি পৰাত প্ৰকল্পটোত কৰ্মৰত পুতুল গগৈ নামৰ এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।

ইয়াৰ পিচতেই শ্ৰমিকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । লগে লগে সংকটজনক অৱস্থাত শ্ৰমিকজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই । আহত পুতুল গগৈৰ ঘৰ গোগামুখ মিংমাং মদনপুৰত বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.