Durga Puja 2023: চন্দ্ৰোদয় মন্দিৰৰ আৰ্হিৰ দুৰ্গাপূজা মণ্ডপ নিৰ্মাণৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:36 PM IST

thumbnail

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: সমাগত দুৰ্গাপূজা । দুৰ্গাপূজাক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে পূজা কমিটিসমূহে । পূজা মণ্ডপ, আলোকসজ্জাৰে ভক্তক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে পূজা কমিটিসমূহে । তাৰ ব্যতিক্ৰম নহয় বিষ্ণপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি ।  

বৃন্দাবনত নিৰ্মাণ কাৰ্য চলি থকা বিশ্বৰ সৰ্ব্বোচ মন্দিৰ চন্দ্ৰোদয়ৰ আৰ্হিত এইবাৰ নিৰ্মাণ হব পূজা মণ্ডপ । ১১০ ফুট উচ্চতাত মন্দিৰটোৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হব। পূজা মণ্ডপটো বাহ ,কাঠ , প্লাইব'ৰ্ডেৰে নিৰ্মাণ কৰা হ'ব । ৭৩ সংখ্যক সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপৰ ভিতৰৰ ভাগ আমেৰিকাৰ এটা ইস্কন মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব ।  

৩০-৩৫ লাখ টকা বাজেটেৰে আয়োজন কৰা এইবাৰৰ পূজা মণ্ডপটোৰ আন এক আকৰ্ষণ হ'ব আলোকসজ্জা । পশ্চিমবংগৰ চন্দন নগৰৰ আলোকসজ্জাৰে সজ্জিত কৰা হব পূজা মণ্ডপ আৰু পথ । তদুপৰি পূজা মণ্ডপৰ ভিতৰৰ পৰা ১০-১৫ কিলমিটাৰ দূৰলৈ পোহৰ বিয়পি থাকিব । কলিকতাৰ পৰা অহা ৩০ জনীয়া শিল্পীৰ দলে বিগত দেৰমাহে পূজা মণ্ডপ নিৰ্মাণৰ কাম কৰি আছে ।  

লগতে পঢ়ক: Illegal trade of low quality of steel bar:তিনিচুকীয়াত এইবাৰ চলিছে দুই নম্বৰী ৰডৰ অবৈধ কাৰবাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.