Durga Puja 2023 : মহাসপ্তমী উপলক্ষে তিনিচুকীয়াৰ পূজা মণ্ডপত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 4:08 PM IST

thumbnail

তিনিচুকীয়া, 21 অক্টোবৰ : আজি মহাসপ্তমী ৷ মহাসপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ ৷ দেৱী দুৰ্গাৰ আশীস লবলৈ পূজা মণ্ডপ সমূহত দেখা গৈছে ভক্তৰ ভিৰ ৷  

ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে মহা সপ্তমী উপলক্ষে তিনিচুকীয়াতো পুৱাৰে পৰা সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ ৷ একেদৰে তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত 1968 চনতেই প্ৰতিষ্ঠা হোৱা অসমীয়া দুৰ্গা পূজা মন্দিৰতো সৃষ্টি হৈছে উছৱ মুখৰ পৰিবেশ ৷

পুৱাই মন্দিৰত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ আৰম্ভ কৰিছে পূজা-অৰ্চনা ৷ অসমীয়া পূজা মন্দিৰত মহাসপ্তমী উপলক্ষে ইতিমধ্যে পুস্পাঞ্জলী অৰ্পণ কৰাৰ লগতে আই সকল উপস্থিত হৈ আনন্দ লৈছে দুৰ্গাপূজাৰ ৷ মহা সপ্তমীৰ দিনটোত অসমীয়া পূজা মন্দিৰত উৰুলি প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তা সকলে ৷ 

লগতে পঢ়ক : Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.