হিট এণ্ড ৰান; কাছাৰৰ বিভিন্ন প্ৰান্তত গাড়ীচালকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:49 PM IST

Updated : Jan 5, 2024, 2:13 PM IST

thumbnail

শিলচৰ, ৫ জানুৱাৰী : ৰাজ্যৰ সৰ্বত্ৰে গাড়ী চালকসকলৰ তীব্ৰ প্ৰতিবাদ । অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শুকুৰবাৰে কাছাৰৰ উধাৰবন্দতো অৰ্ধশতাধিক গাড়ী চালকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদী চালকৰ দাবী শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে নতুন পৰিবহন আইন বাতিল কৰক ৷

শিলচৰৰ পৰা উধাৰবন্দলৈ দৈনিক অহা-যোৱা কৰা বাছ চালক, ডাম্পাৰ চালকসকলে নিজা নিজা বাহনসমূহ ৪৮ ঘণ্টাৰ বাবে চলাচল বন্ধ কৰি ৰাজপথত বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে চালকসকলে শিলচৰ-কুম্ভীৰগ্ৰাম বিমানবন্দৰলৈ যোৱা পথচোৱাও অৱৰোধ কৰে । পিচত বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পথ অৱৰোধ মুক্ত কৰে ।

ইপিনে, কাছাৰ জিলাৰ বিভিন্ন প্ৰান্ততো চালকসকলে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । উল্লেখ্য যে, নতুন আইন অনুসৰি এজন চালকে যদি কোনো লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷ সেয়ে ক্ষুব্ধ চালকসকলে এই আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক : তেজপুৰত প্ৰতিবাদ, গাড়ীৰ পৰা নমাই আনিলে বন্ধ সমৰ্থন নকৰা চালকক

Last Updated : Jan 5, 2024, 2:13 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.