তেজপুৰত প্ৰতিবাদ, গাড়ীৰ পৰা নমাই আনিলে বন্ধ সমৰ্থন নকৰা চালকক

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:40 PM IST

thumbnail

তেজপুৰ, ৫ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে গাড়ী চালক সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল তেজপুৰ । গাড়ী চালক সন্থাই আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল তেজপুৰ চহৰত । কেন্দ্ৰীয় চৰকাৰে দেশত নতুনকৈ প্ৰচলন কৰিবলৈ লোৱা হিট এণ্ড ৰান গোচৰৰ কাৰদণ্ড বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তেজপুৰৰ বিভিন্ন স্থানত গাড়ী মটৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে গাড়ী চালকসকলে ।

ইফালে বন্ধ সমৰ্থন নকৰি বাহন লৈ ওলাই অহাসকলকো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে তেজপুৰৰ বিভিন্ন প্ৰান্তত। উল্লেখ্য যে, নতুন আইন অনুসৰি এজন চালকে যদি কোনো লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷ সেয়ে ক্ষুব্ধ চালকসকলে এই আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । 

লগতে পঢ়ক: গাড়ী চালকৰ প্ৰতিবাদত কঁপিল তিনিচুকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.