ETV Bharat / state

গাড়ী চালকৰ প্ৰতিবাদত কঁপিল তিনিচুকীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 11:31 AM IST

Driver protest in Tinsukia
গাড়ী চালকৰ প্ৰতিবাদত কঁপিল তিনিচুকীয়া

ৰাজ্যজুৰি গাড়ী চালকসকলৰ কৰ্ম বিৰতি পালন । স্তব্ধ হৈ পৰিছে সৰ্বসাধাৰণৰ দৈনন্দিন জীৱন । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো কৰ্মবিৰতি পালন কৰে গাড়ী চালক সন্থাই । প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে তিনিচুকীয়াৰ ৰাজপথ ।

গাড়ী চালকৰ প্ৰতিবাদত কঁপিল তিনিচুকীয়া

তিনিচুকীয়া,৫ জানুৱাৰী: শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গাড়ী চালকসকলৰ বাবে এখন আইন সংশোধন কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি চালকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ । ট্ৰাক চালকৰ বিক্ষোভত অচল হৈ পৰিছে সৰ্বসাধাৰণৰ দৈনন্দিন জীৱন । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো সদৌ অসম গাড়ী চালক সন্থাৰ উদ্যোগত মটৰ শ্ৰমিক সংগঠন আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত শুকুৰবাৰে পু্ৱাৰে পৰা ৪৮ ঘণ্টীয়া কৰ্মবিৰতিৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৰ্মবিৰতিৰ সময়ত পুৱাতে তিনিচুকীয়াৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখলৈ গাড়ী চালকসকল ওলাই আহি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে তিনিচুকীয়াৰ পৰিৱেশ ৷ এই প্ৰতিবাদৰ জৰিয়তে অতিশীঘ্ৰে নতুনকৈ সংশোধন কৰা আইনখন বাতিল কৰাৰ দাবী উত্থাপন কৰে গাড়ী চালক সন্থাৰ লগতে শ্ৰমিক সংগঠনৰ সদস্যসকলে ।

অতিশীঘ্ৰে এই আইন বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । নতুন আইন অনুসৰি এজন চালকে যদি কোনো লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷

এই কঠোৰ আইনৰ বিৰুদ্ধে গৰজি উঠিছে গাড়ী চালকসকল । এজন চালকে যদি ৭ লাখ টকাৰ ক্ষতিপূৰণ দিব পাৰে তেন্তে গাড়ী চলোৱাৰ সলনি অন্য ব্যৱসায় কৰিলে হেতেন বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী গাড়ী চালকসকলে ৷

লগতে পঢ়ক: ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.