ETV Bharat / state

ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 6:56 AM IST

Hit and Run Provision : ভাৰতবৰ্ষত বলৱৎ হ’বলৈ ওলোৱা ক’লা আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ নতুন আইনৰ বিৰুদ্ধে গাড়ী চালক সন্থাৰ লগতে মটৰ শ্ৰমিক ৰাইজৰ যৌথ মঞ্চৰ সহযোগত 5 আৰু 6 জানুৱাৰীত 48 ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

Hit and Run Provision
ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

তিনিচুকীয়া/ৰঙিয়া, 5 জানুৱাৰী : 'হিট এণ্ড ৰাণ' সন্দৰ্ভত ভাৰতবৰ্ষত বলৱৎ হ’বলৈ ওলোৱা ক’লা আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকে বৃহস্পতিবাৰে তিনিচুকীয়া আৰু ৰঙিয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷

তিনিচুকীয়াত সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত এখনি সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে পৰিবহণৰ ক্ষেত্ৰত অনা নতুন আইনৰ বিৰুদ্ধে গাড়ী চালক সন্থাৰ লগতে মটৰ শ্ৰমিক ৰাইজৰ যৌথ মঞ্চৰ সহযোগত 5 আৰু 6 জানুৱাৰীত 48 ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

এই নতুন আইন অনুসৰি “এজন চালকে যদি এজন লোকক খুন্দা মাৰে তেন্তে লোকজনক চালকে কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে কাষৰ আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷” যদি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ 10 বছৰৰ কাৰাদণ্ডৰ লগতে 7 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব চালকজনে ৷

এজন চালকে যদি 7 লাখ টকাৰ ক্ষতিপূৰণ দিব পাৰে, তেন্তে গাড়ী চলোৱাৰ সলনি অন্য ব্যৱসায় কৰিলেহেতেন বুলি সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতিয়ে সংবাদমেলখনত প্ৰকাশ কৰে ৷ গতিকে এই কৰ্মবিৰতি কাৰ্যসূচীৰ জৰিয়তে আইনখন বাতিল কৰাৰ দাবী উত্থাপন কৰে সদৌ অসম গাড়ী চালক সন্থা, বীৰ লাচিত সেনা আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ যদিহে এই আইন বাতিল নকৰে তেন্তে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

ইফালে গুৱাহাটী-ৰঙিয়া-দৰঙা পৰিবহন সন্থা, ৰঙিয়া মহকুমা ট্ৰাক শ্ৰমিক ইউনিয়ন, ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়ন, ৰঙিয়া অট’ চালক সন্থা , ৰঙিয়া ই-ৰিক্সা চালক সন্থাৰ উদ‍্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় । সভাখনৰ জৰিয়তে অহা 5 আৰু 6 জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে ড্ৰাইভাৰসকলে পালন কৰিবলৈ ওলোৱা কৰ্মবিৰতি আৰু ধৰ্মঘটৰ প্ৰতি ৰঙিয়া মটৰ শ্ৰমিক ইউনিয়ননে পূৰ্ণ সমৰ্থন আগবঢ়ায় ।

ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই সভাই অংশগ্ৰহণ কৰি চৰকাৰৰ এই জনবিৰোধী আইনখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । ভাৰতীয় ন‍্যায় সংহিতাৰ 106 উপবিধি 1 আৰু 2 প্ৰত‍্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে কেৱল অৰোণোদয় আঁচনিৰে ৰাজনীতি কৰি থকা বিজেপিৰ চৰকাৰখনে কোনো চৰকাৰী সাহাৰ্য গ্ৰহণ নকৰাকৈ ঘৰ চলাই থকা এই ড্ৰাইভাৰ সকলৰ চিন্তা কৰাটো জৰুৰী ।

এই আইনখনক বৃটিছৰ শাসনৰ দৰে গোলামীৰ আইন বুলি আখ্যা দি তেওঁ কয় যে বিজেপিৰ সাংসদ তথা বিধায়কসকলে এই আইনখনৰ বিৰোধিতা কৰা উচিত । তেওঁ লগতে শাসকীয় দলটোক আক্ৰমণ কৰি কয় যে ধনী শ্ৰেণীৰ লোকসকলক সকলো ফালৰ পৰা ৰেহাই দি খাটি খোৱা শ্ৰেণীৰ লোকসকলক এনেধৰণে চেপি ধৰাতো অমানুষিক কাৰ্য ।

আনহাতে, গুৱাহাটী-ৰঙিয়া-দৰঙা পৰিবহন সন্থাৰ জ্যেষ্ঠ প্ৰৱন্ধক ৰত্নেশ্বৰ কলিতাই ভাষণ দি কয় যে ড্ৰাইভাৰৰ কোনো ধৰ্ম নাই । ড্ৰাইভাৰৰ এটাই ধৰ্ম, গাড়ী চলোৱা । দেশৰ চালিকা শক্তিয়েই হৈছে ড্ৰাইভাৰ । ড্ৰাইভাৰে গাড়ী চলাই বাবেই দেশৰ প্ৰতিগৰাকী লোকৰে ঘৰত অন্ন আছে ।

লগতে পঢ়ক : আনে কৰা ভুলৰ মূল্য আৰু কিমান ভৰিব নিৰীহই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.