Illicit liquor seized: বৰপথাৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:15 PM IST

thumbnail

সৰুপথাৰ,২৯ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ বৰপথাৰত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান । বৃহস্পতিবাৰে বিয়লি ধনশিৰি মহকুমা আৱকাৰী বিষয়া প্ৰেম সিঙৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত আবকাৰী বিভাগৰ এটি দলে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাঁচঘৰীয়া, খকনগুৰি, বৰপথাৰ নগৰকে ধৰি কেইবাটাও অঞ্চলত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযান চলাই ।  

অভিযানত ১০০ ৰো অধিক সুৰাৰ বটল জব্দ কৰাৰ লগতে দুজনকৈ লোকক অবৈধভাৱে সুৰা বিক্ৰীৰ অভিযোগত আৱকাৰী বিভাগে আটক কৰে । আনহাতে সৰুপথাৰ ৰাজহচক্ৰৰ অধীনৰ বিভিন্ন স্থানত আবকাৰী বিভাগে এনেদৰে দৈনিক অব্যাহত ৰাখিছে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ লগতে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ।  

লগতে পঢ়ক: Dengue Outbreak in Assam : মেৰাপানীত ডেংগুৰ প্ৰাদুৰ্ভাৱ; ডেংগুত আক্ৰান্ত 5 জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.