Dengue Outbreak in Assam : মেৰাপানীত ডেংগুৰ প্ৰাদুৰ্ভাৱ; ডেংগুত আক্ৰান্ত 5 জন

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 3:00 PM IST

thumbnail

যোৰহাট, 29 ছেপ্টেম্বৰ : মেৰাপানীত ডেংগুৱে লৈছে ভয়াৱহ ৰূপ। একেখন গাঁৱৰে পাঁচজনকৈ লোক আক্ৰান্ত এই মহামাৰী ৰোগত। মেৰাপানীৰ 2 নং ওপৰ তৰাণিত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ । 2 নং ওপৰ তৰাণিৰ পাঁচজনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

জানিব পৰা মতে, ডেংগু ৰোগত আক্ৰান্ত হৈ অঞ্চলটোৰ চাৰিগৰাকী লোকক যোৰহাট আৰু গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ লগতে আন এজন লোক নিজ গৃহতে চিকিৎসাধীন অৱস্থাতে আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে মেৰাপানীৰ 2 নং ওপৰ তৰাণিৰ গাঁও প্ৰধানগৰাকীয়ে ৷

ইফালে উক্ত অঞ্চলটোত ডেংগু ম’হক বা এই ৰোগবিধ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । সেয়ে অতি সোনকালে ডেংগু ম’হক বা এই ৰোগবিধ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Dengue Outbreak in Assam: ধনশিৰি মহকুমা ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.