Microfinance Relief scheme: তিনিচুকীয়াত ১২ হাজাৰ মহিলাক ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:47 PM IST

thumbnail

তিনিচুকীয়া, ১৬ অক্টোবৰ: "অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনি"ৰ অধীনত আজি জানমুখ খেলপথাৰত তিনিচুকীয়া জিলাৰ মহিলা সকলক No Dues Certificate বিতৰণ কৰা হয় । এই No Dues Certificate বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে । এই আঁচনিত তিনিচুকীয়া জিলাৰ প্ৰায় ১২ হাজাৰ মহিলা অন্তৰ্ভুক্ত হৈছে ৷

এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে কয় যে উদ্যমী মহিলা সকলে বিভিন্ন কাৰণত ক্ষুদ্ৰ ঋণ প্ৰতিস্থানবোৰক ঋণ ঘুৰাই দিয়াত সমস্যাই দেখা দিছিল । মানসিকভাৱে ঋণৰ বোজাৰ কষ্টত থকা এইসকল মহিলাই বেংকিং ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছিল । সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰৰ বিত্ত বিভাগে আৰম্ভ কৰিছে "অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনি" ৷ এই অনুষ্ঠানটোত উপস্থিত থাকে ডিগবৈৰ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলীন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, জিলা আয়ুক্ত স্বপ্নীল পাল আদি ।

লগতে পঢ়ক:Parimal Suklabaidya in Nagaon:আই মাতৃক ঋণমুক্ত কৰাৰ দায়িত্ব পালন কৰিছে মুখ্যমন্ত্ৰীয়ে : পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.