ETV Bharat / state

Parimal Suklabaidya in Nagaon:আই মাতৃক ঋণমুক্ত কৰাৰ দায়িত্ব পালন কৰিছে মুখ্যমন্ত্ৰীয়ে : পৰিমল শুক্লবৈদ্য

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:23 PM IST

নগাঁৱত ১৭ হাজাৰ মহিলাক ঋণমুক্তৰ প্ৰমানপত্ৰ প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

Minister Parimal Suklabaidya in Nagaon
অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি

অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি

নগাঁও, ১৬ অক্টোবৰ: সন্তান হিচাপে আই মাতৃক ঋণমুক্ত কৰাৰ দায়িত্ব পালন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ঋণগ্ৰস্ত পিতৃ-মাতৃক ঋণমুক্ত কৰাৰ যিদৰে সন্তানৰ দায়িত্ব থাকে,সেই দায়িত্বকেই পালন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে পৰিবহণ, আবকাৰী মন্ত্ৰী তথা নগাঁৱৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলক কেৱল ঋণমুক্ত কৰাই নহয়, মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । নিৰ্বাচনৰ পূৰ্বে ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই মাইক্ৰ'ফাইনে ৰ ঋণ লোৱা মহিলাসকলৰ ঋণ আদায় দিয়াৰ পিছত এইবাৰ সেইসকল 'অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ ২০২১' ৰ অধীনত ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত প্ৰমাণ পত্ৰও প্ৰদান কৰিছে ।

সোমবাৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত নগাঁৱৰ ১৬,৯৪২ গৰাকী মহিলাক 'অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ ২০২১' ৰ অধীনত ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে পাঁচ গৰাকীকৈ মহিলাক ঋণমুক্ত প্ৰমানপত্ৰ প্ৰদান কৰে পৰিমল শুক্লবৈদ্যৰ লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু এ আই ইউ ডি এফৰ বিধায়ক অমিনুল ইছলামে ।

লগতে পঢ়ক:Ashok Singhal in Tezpur : শোণিতপুৰত ১০,৪৯৮ গৰাকীক মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাই

সোমাবৰে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত মাইক্ৰ'ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীৰ উপৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক অমিনুল ইছলাম, বিজেপি জিলা সভাপতি অভিজিৎ নাথ, ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত অনন্ত গগৈ, জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:No dues certificate distribution : শিৱসাগৰত ১৬,৭৮৬ মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.