Distribution of goods under OIL:অইলৰ CSR পুঁজিৰ অধীনত সামগ্ৰী বিতৰণ

By

Published : Jun 16, 2023, 7:35 AM IST

Updated : Jun 16, 2023, 8:10 AM IST

thumbnail

নাহৰকটীয়া, ১৬ জুন : অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উদ্যোগটোৰ সামাজিক দায়বদ্ধ আঁচনিৰ জৰিয়তে সামগ্ৰী বিতৰণ কৰা হয় ৷ অইল অধ্যুষিত অঞ্চলসমূহৰ পৰা আবেদন কৰা আত্মসহায়ক গোট সমূহৰ মাজত ১০০ খন টেক্টৰ আৰু ১০ খন সৰু চাৰিচকীয়া বাহন বিতৰণ কৰা হয় ৷ ইয়াৰ লগতে মহিলা আত্মসহায়ক গোটৰ মাজত ১২৫ খন তাঁত শালসহ মুঠ ২৩৫ টা গোটৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় ৷

উল্লেখ্য যে, হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণৰ পূৰ্বে দুলীয়াজনৰ টিপলিঙত তিনি কোটি টকা ব্যয়েৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা "স্ব-নিৰ্ভৰ" নামেৰ এটি ভৱনৰ উদ্বোধন কৰা হয় । ভৱনটো উদ্বোধনৰ অন্তত হিতাধিকাৰী সভাখন অনুষ্ঠিত হয় । অইল ইণ্ডিয়া লিমিটেডে জনহিতাৰ্থে আয়োজন কৰা এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অইলৰ মুখ্য আবাসীক বিষয়া অতীন্দ্ৰ ৰায় চৌধুৰী আৰু জিলা পৰিষদৰ চেয়াৰমেন ডেইজী ৰাণী ফুকন শ্যামকে ধৰি অইলৰ বিভিন্ন বিভাগৰ বিষয়াববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Gauhati High Court Order: নৱনিযুক্ত ৫,২০০ শিক্ষকলৈ প্ৰেৰণ কৰা হ’ব আইনী জাননী

Last Updated : Jun 16, 2023, 8:10 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.