ETV Bharat / state

Gauhati High Court Order: নৱনিযুক্ত ৫,২০০ শিক্ষকলৈ প্ৰেৰণ কৰা হ’ব আইনী জাননী

author img

By

Published : Jun 15, 2023, 10:27 PM IST

gauhati high court order
নৱনিযুক্ত ৫,২০০ শিক্ষকলৈ প্ৰেৰণ কৰা হ’ব আইনী জাননী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশত হাহাকাৰৰ সৃষ্টি হৈছে নৱনিযুক্ত ৫,২০০ শিক্ষকৰ ৷ এইসকল শিক্ষকলৈ শীঘ্রেই প্রেৰণ কৰা হ’ব আইনী জাননী।

গুৱাহাটী, 15 জুন : শেহতীয়াকৈ নিযুক্তি পোৱা নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ মাজত হাহাকাৰ । বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিৰ পিছতে নিম্ন আৰু উচ্চ প্ৰাথমিকত নৱনিযুক্ত শিক্ষকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

শিক্ষা বিভাগৰ কেতবোৰ পৰিকল্পনাহীন সিদ্ধান্তৰ বাবে চাকৰিত যোগদান কৰিয়েই আইনী মেৰপেচত সোমাই পৰিল নিম্ন আৰু উচ্চ প্ৰাথমিকক নৱনিযুক্ত 5,200 শিক্ষক। চাকৰিত যোগদান কৰা এইসকল শিক্ষকক বিচাৰ চলি থকা এটা গোচৰৰ পক্ষ কৰাৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এইসকল শিক্ষকলৈ শীঘ্রেই প্রেৰণ কৰা হ’ব আইনী জাননী।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নিম্ন আৰু উচ্চ প্ৰাথমিকক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত দ্বিতীয় ভাষাক অগ্ৰাধিকাৰ দি চি টেট প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে বহিঃৰাজ্যৰ চি টেট প্ৰাৰ্থীয়ে স্থানীয় ভাষা অৰ্থাৎ অসমীয়া ভাষা নজনাকৈ নিম্ন আৰু উচ্চ প্ৰাথমিকক শিক্ষক পদত নিযুক্তি লাভ কৰাৰ পথ প্ৰশস্ত হৈছিল। যাৰ বাবে কেইজনমান অসমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছিল।

পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়াত অন্তৱৰ্তীকালীন নিৰ্দেশনা দিছিল। কিন্তু ৰাজ্য চৰকাৰে গোচৰটো ন্যায়ালয়ত চলি থকাৰ মাজতে এক লাখ নিযুক্তিৰ লক্ষ্যপূৰণ কৰাৰ স্বাৰ্থত কিছুদিন পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিম্ন আৰু উচ্চ প্ৰাথমিকত 5,200 শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।

লক্ষ্য়ণীয় যে, নিযুক্তি পত্ৰৰ এটা অংশত উল্লেখ আছে যে ন্যায়ালয়ত চলি থকা এটা গোচৰৰ ওপৰত তেওঁলোকৰৰ চাকৰিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। এতিয়া চৰকাৰে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ স্বাৰ্থত ন্যায়ালয়ত গোচৰৰ চলি থকাৰ পিছতো খৰতকীয়াকৈ নিযুক্তি দিয়া নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,200 শিক্ষকৰ চাকৰিৰ ভৱিষ্যত জীৱনৰ প্ৰতি শংকা নমাই আনিছে।

লগতে পঢ়ক: অম্বুবাচী মেলাই উদঙাইছে শিক্ষা বিভাগৰ সমন্বয়হীনতা; বিষয়াৰ নিৰ্দেশৰ কথা গম নাপায় শিক্ষামন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.