ETV Bharat / state

অম্বুবাচী মেলাই উদঙাইছে শিক্ষা বিভাগৰ সমন্বয়হীনতা; বিষয়াৰ নিৰ্দেশৰ কথা গম নাপায় শিক্ষামন্ত্ৰীয়ে !

author img

By

Published : Jun 15, 2023, 8:12 PM IST

অম্বুবাচী মেলালৈ মাজত কেইটামান দিন থকাৰ অৱস্থাতে এটা বিতৰ্কৰ সৃষ্টি হৈছে চৰকাৰী মহলত ৷ শিক্ষাবিভাগে মহানগৰীৰ ৩১ খন বিদ্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাচতে শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ পত্ৰখনৰ কথা পোনপটীয়াকৈ অস্বীকাৰ নকৰিলেও তাত উল্লেখিত বিষয়টো অস্বীকাৰ কৰে শিক্ষামন্ত্ৰীয়ে ৷

Ambubachi mela teacher controversy
engagement of teachers at Ambubachi Mela

গুৱাহাটী, ১৫ জুন: কেনেকৈ চলিছে ৰাজ্যৰ শিক্ষা বিভাগ ? অম্বুবাচী মেলাত শিক্ষকক দায়িত্ব দিব বিচৰা কাৰ্যক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এখন জাননী দি ৩১ খন বিদ্যালয়ৰ পৰা অম্বুবাচী মেলাৰ দায়িত্ব দিবলৈ শিক্ষক বিচাৰি পত্ৰ প্ৰেৰণ কৰে ৷ তথ্য-প্ৰমাণসহ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হয় এই বিষয়ক লৈ ৷ আনহাতে, বিষয়টোক লৈ অস্বস্তিত পৰা চৰকাৰৰ খোদ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কয়, মিছা বাতৰি এয়া । ৰাজ্যৰ শিক্ষা বিভাগত বিষয়া-মন্ত্ৰীৰ মাজত যেন নাই কোনো সমন্বয় ৷

ভুল কোন ? সংবাদ মাধ্যমত তথ্যসহ প্ৰকাশিত বাতৰি ভুল নে মন্ত্ৰী ৰণোজ পেগু :

প্ৰথমে কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা নাপাতিবলৈ গুৱাহাটীৰ স্কুলসমূহক নিৰ্দেশ ৷ তাৰ পাচত যোৱা ১২ জুনত কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে অম্বুবাচী মেলাৰ কামত লগাবলৈ ৩১ খন বিদ্যালয়ৰ শিক্ষকক বিচাৰি পত্ৰ প্ৰেৰণ কৰে ৷ অসম চৰকাৰৰ নিৰ্দেশত শিক্ষা বিভাগে এই জাননী জাৰি কৰে । শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিবলৈ লোৱা এই সিদ্ধান্তৰ ফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সমালোচিত হয় ৷

ইতিপূৰ্বে চৰকাৰৰ নিৰ্দেশত ২১ জুনৰ পৰা ২৭ জুনৰ ভিতৰত বিদ্যালয়ৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ (মহানগৰ) বিদ্যালয় সমূহৰ পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰিছিল । লগতে ১২ জুনত পুনৰ ৩১ খন বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰি প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ জন আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩ জনকৈ শিক্ষকক অম্বুবাচী মেলাৰ দায়িত্ব পালনৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰু পাঠদান বন্ধ কৰি চৰকাৰে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ কৰা বিষয়টোৱে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটায় । কিন্তু এই সকলো বিষয় শিক্ষা বিভাগৰ পত্ৰসহ তথ্য-প্ৰমাণৰে প্ৰকাশ হোৱা বাতৰিসমূহ ইতিমধ্যে অস্বীকাৰ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কি কয় ?

শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, “বাতৰিত প্ৰকাশ পোৱাৰ দৰে কোনো শিক্ষকক অম্বুবাচী মেলাৰ দায়িত্ব দিয়া হোৱা নাই ৷ আচলতে এই পৰ্যন্ত কোনোধৰণৰ দায়িত্ব বিভাজন কৰা হোৱা নাই বুলি কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্তই স্পষ্ট কৰিছে । ইয়াৰ লগতে জনাই থওঁ যে একাডেমিক কেলেণ্ডাৰ মতে বিদ্যালয়সমূহত কোনো পৰীক্ষা অনুষ্ঠিত হৈ থকা নাই । সকলো পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে ।”

অতি কৌশলেৰে শিক্ষামন্ত্ৰীগৰাকীয়ে সকলো কথা অস্বীকাৰ কৰিলেও ইতিমধ্যে শিক্ষা বিষয়াৰ ৰাজহুৱা হোৱা পত্ৰই সকলো উদঙাই দেখুৱাইছে ৷ প্ৰশ্ন উঠিছে সঁচাকৈয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে অম্বুবাচীক লৈ শিক্ষা বিষয়াৰ পত্ৰৰ কথা একেবাৰে গমেই নেপায় নেকি ? শিক্ষা বিভাগত বিষয়া আৰু মন্ত্ৰীৰ মাজত কোনো সমন্বয় নাই নেকি ? সেয়াও ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক: Ambubachi mela 2023: অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা

অৱশ্যে মন্ত্ৰী ৰণোজ পেগুৱে কৌশলেৰে অম্বুবাচী মেলাত শিক্ষকক কোনো দায়িত্ব অৰ্পণ কৰা নাই বুলিহে কৈছে ৷ পত্ৰখনৰ কথা অস্বীকাৰ কৰা নাই ৷ পৰীক্ষা চলি থকা নাই, পৰীক্ষা শেষ হোৱাৰ কথাহে কৈছে ৷ অম্বুবাচীত পৰীক্ষা নাপাতিবলৈ দিয়া পত্ৰখনৰ কথা অস্বীকাৰ কৰা হোৱা নাই ৷ শিক্ষাবিভাগৰ এই সংগতিহীন স্থিতিক লৈ এতিয়া ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.