CM Relief Fund Cheque: দৰঙত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ

By

Published : May 14, 2023, 6:05 PM IST

thumbnail

দৰং, ১৪ মে': দৰং জিলা বিজেপি কাৰ্যালয়ত দেওবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কৰা হয় (Distribution of Cheque of CM Relief Fund) ৷ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সাহায্য পূঁজিৰ চেক ৷ দৰং জিলাৰ ৯ খন শংকৰদেৱ শিশু নিকেতনক গৃহ নিৰ্মাণৰ বাবে ৫ লাখ টকাকৈ আগবঢ়ায় ৷ তদুপৰি আৰ্থিকভাৱে পিছপৰা ৰুগীয়া ২৩০ জন লোকক চেক বিতৰণ কৰে সাংসদগৰাকীয়ে ৷ অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ অন্তত দৰং জিলা বিজেপিৰ কাৰ্যযলয়ত দেওবাৰে জিলাখনৰ আৰ্থিকভাৱে পিছপৰা ২৩০ গৰাকী ৰুগীয়া লোকক এই অনুদান আগবঢ়ায় ।  

উক্ত কাৰ্যসূচীত মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ উপৰিও অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মা, জিলা বিজেপিৰ সম্পাদকসহ কাৰ্যকৰ্তাসকল উপস্থিত থাকে (Chairman of Fisheries Development Corporation)। অনুষ্ঠানটোত মঙলদৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ ১৫ লাখ টকা আগবঢ়াই সাংসদগৰাকীয়ে ।

লগতে পঢ়ক:Arunodaya scheme in Goalpara: গোৱালপাৰাত অৰুণোদয়ৰ নামত ৱাৰ্ড কমিছনাৰৰ ধন সংগ্ৰহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.