Flood in Sivasagar: দিখৌৰ পানীয়ে ভাবুকি আনিছে শালমৰীয়া অঞ্চললৈ; মথাউৰিৰ ওপৰেদি বাগৰিছে পানী

By

Published : Jul 16, 2023, 1:50 PM IST

thumbnail

শিৱসাগৰ, 16 জুলাই : শিৱসাগৰৰ শালমৰীয়া অঞ্চলত পথৰ ওপৰেদি বাগৰিছে দিখৌ নদীৰ পানী ৷ মথাউৰিৰ প্ৰতি ভাবুকি ৷ দিখৌৰ পানীত ডুব যোৱাৰ উপক্ৰম বিস্তীৰ্ণ অঞ্চল ৷  

ৰুদ্ৰসাগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত কমাৰফদীয়া আৰু শালমৰীয়া সংযোগী মথাউৰিৰ ওপৰেদি বিপদজনকভাৱে বাগৰিছে দিখৌ নদীৰ পানী ৷ দিখৌৰ এৰাসুঁতিৰ পৰা কোবাল গতিত পানী বাগৰাৰ ফলত শালমৰীয়া গাঁৱৰ বিস্তীৰ্ণ অঞ্চল অচিৰেই ডুব যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ 7 জুলাইত অহা আকস্মিক পানীয়ে যাতায়তৰ একমাত্ৰ সম্বল মথাউৰিটোৰ এটা অংশ ভাঙি পেলাইছিল ৷  

শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে জলসম্পদ বিভাগৰ সৈতে স্থানীয় লোকে যোগাযোগ কৰিছিল যদিও কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে ৷ ফলত দেওবাৰে পুৱাৰে পৰা হঠাৎ অহা পানীয়ে ইতিমধ্যে মথাউৰি পাৰ কৰি শালমৰীয়া ৰাইজলৈ বিপদ কঢ়িয়াই অনাৰ লগতে যাতায়তৰ একমাত্ৰ উপায় মথাউৰিটো চিঙি নিয়াৰ সম্ভাবনাই দেখা দিছে ৷ 

দিখৌনদীৰ জলস্তৰ নকমিলে এই পানী বাগৰা বন্ধ হোৱাৰ সম্ভাৱনা নাই ৷ ইয়াৰ মাজত যদি মথাউৰিটো সম্পূৰ্ণ ৰূপে ভাঙি যায় তেন্তে এক বিস্তৃত অঞ্চল পানীত ডুব যাব ৷ বৰ্তমানেও প্ৰশাসন অথবা জল সম্পদ বিভাগৰ তৰফৰ পৰা কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ 

লগতে পঢ়ক: Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.