আছুত থকা অপশক্তি কোন ?

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:27 PM IST

thumbnail

নিউজ ডেস্ক, 13 ডিচেম্বৰ: অৱশেষত ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিত যোগ দিলে প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধিয়ে ৷ কিছুদিন পূৰ্বে আছুৰ একাংশ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল মেধিয়ে ৷ তাৰ পিচতেই তেওঁক বহিস্কাৰৰ সিদ্ধান্ত লৈছিল আছুৱে ৷ কিন্তু উচ্চ ন্যায়ালয়ে এই সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছিল ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হোৱাৰ অন্তত বুধবাৰে বিজেপিত যোগদান কৰে মেধিয়ে ৷  

বিজেপিত যোগ দিয়েই সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ নেতাৰ বিৰুদ্ধে ব্যাপক ক্ষোভ প্ৰকাশ কৰে দিব্যজ্যোতি মেধিয়ে  ৷ বয়সৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে অধ্যয়নৰত হৈ নথকা 60 ৰ উৰ্ধৰ একাংশ নেতা আছুৰ বাবে অপশক্তি হৈ পৰিছে ৷ এইক্ষেত্ৰত নাম নোলোৱাকৈয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনাৰ লক্ষ্য কৰি লয় মেধিয়ে ৷ তেওঁ কয় যে আছুৰ নেতা-সদস্যই সাংগঠনিক সংবিধান মানি ভালদৰে কাম কৰি যাব লাগে ৷ কিন্তু তাৰ লগে লগে এই অপশক্তিবোৰক আঁতৰ কৰিব লাগে আছুৰ পৰা ৷ 

লগতে পঢ়ক: হিমন্ত-মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতিক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.