IPL gamblers arrested in Dibrugarh : ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল আৰক্ষীক আক্ৰমণ কৰা দুৰ্বৃত্ত

By

Published : Jun 1, 2023, 12:28 PM IST

thumbnail

ডিব্ৰুগড়, ১জুন : ডিব্ৰুগড়ৰ শান্তিপাৰাত সোমবাৰে বিয়লি IPL জুৱাৰীয়ে আক্ৰমণ কৰিছিল ডিব্ৰুগড় আৰক্ষীক ৷ অৱশেষত বুধবাৰে আৰক্ষীৰ জালত পৰিল ঘটনাত জড়িত অভিযুক্ত জুৱাৰীকেইটা । বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই (Dibrugarh Police arrested IPL gamblers) ৷

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সোমবাৰে বিয়লি আই পি এলৰ ফাইনেল চলি থকা সময়ত চহৰৰ শান্তিপাৰাৰ প্ৰদীপ সংঘত বৃহৎ জুৱা খেল চলি আছিল । এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে । তাৰ পাচতে উক্ত স্থানত চলায় এক অভিযান ৷

কিন্তু একাংশ লোকৰ সহযোগত জুৱাৰী চক্ৰটোৱে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় ৷ ফলত আহত হয় ডিব্ৰুগড় সদৰ আৰক্ষীৰ নগৰ পৰিদৰ্শক প্ৰদীপ বৰা । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আৰক্ষীৰ দলটোত নাছিল পৰ্যাপ্ত লোক ৷ যাৰ বাবে ডিব্ৰুগড় সদৰ আৰক্ষীৰ নগৰ পৰিদৰ্শকগৰাকী আহত হয় (IPL gamblers arrested in Dibrugarh)৷

আনহাতে, আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ চকুত ধূলি মাৰি জুৱাৰীৰ চক্ৰটোও পলাই যাবলৈ সক্ষম হয় । অতিমধ্য়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাৰ ৩০১/২৩ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৪১৫,১৪৩/১৪৭/১৪৯/৩৫৩/৩৩৩ আৰ ডব্লিউ ধাৰা ১৪১৫ (আসাম গেম্বলিং আইনৰ) নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে ।

ইফালে উক্ত ঘটনাৰ এটা দিন পাৰ হোৱাৰ পাচতো আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ নকৰি বুধবাৰে অৱশেষত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.