Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

By

Published : Jun 1, 2023, 7:36 AM IST

Updated : Jun 1, 2023, 7:59 AM IST

thumbnail

বৰপেটাৰোড, 1 জুন : বৰপেটাৰোডত অঘটন ৷ বুধবাৰে নিশা প্ৰায় 9 বজাত বৰপেটাৰোডত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা (Shooting case at Barpeta Road) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰিত হয় পৰিস্থিতি ৷

ঘটনা বিৱৰণি অনুসৰি, বুধবাৰে নিশা উত্তৰ বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডৰ শক্তি নগৰত থকা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ আহে হেলমেট পৰিহিত দুই যুৱক ৷ ষ্টেট বেংকৰ কৰ্মচাৰীয়ে দুই গ্ৰাহকক হেলমেট খুলি আহিবলৈ কয় ৷ তেনেতে হেলমেট পৰিহিত দুই যুৱকে ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ কাষলৈ আহি দুই জাঁই গুলী ফুটাই আৰু কেছ কাউন্টাৰত থকা সমুদায় ধন দিবলৈ দাবী কৰে (Two men attempted to rob money by shooting at Barpeta Road)৷

সেই সময়ত বেংকতে থকা এজন লোকৰ বিচক্ষণতাৰ ফলত হেলমেট পৰিহিত এজন যুৱকক ধৰিবলৈ সক্ষম হয় ৷ আনহাতে, হেলমেট পৰিহিত আনজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷ স্থানীয় লোকে আটক কৰা হেলমেট পৰিহিত যুৱকজনক ৰাইজে উত্তম-মধ্যম দি বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় আটকাধীন যুৱকজন ৷

বাতৰি যুগুত কৰা পৰলৈকে বৰপেটাৰোডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ধৃত যুৱকজন ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত ধৃত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ ইফালে ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ লগতে পলায়ন কৰা আনজন লোকৰ সন্ধানত বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Rhino stuck in mud : বোকাত আৱদ্ধ গঁড়ক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ

Last Updated : Jun 1, 2023, 7:59 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.