ধেমাজিত দুটা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:31 AM IST

thumbnail

ধেমাজি, 9 ডিচেম্বৰ : ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ সেই অনুসৰি 78 ধেমাজি (অনুসূচিত জনজাতি) সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা হৈছে 170364 ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে 85703 আৰু মহিলা ভোটাৰৰ সংখ্যা 84661 ৷

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নতুনকৈ গঠন হোৱা 79 চিচিবৰগাঁও সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’লগৈ মুঠ 172550 ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে 87831 আৰু মহিলা ভোটাৰ হৈছে 84719 ৷ ইপিনে ভোটাৰৰ সকলো ওজৰ আপত্তি গ্ৰহণ কৰাৰ সময় 8 ডিচেম্বৰৰ পৰা 2024 বৰ্ষৰ 8 জানুৱাৰী পৰ্যন্ত বুলি জানিব পৰা গৈছে ৷

সকলো সংশোধনীৰ অন্তত চূড়ান্ত তালিকা 2024 বৰ্ষৰ 8 জানুৱাৰীত প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷ তদুপৰি 2024 বৰ্ষৰ জানুৱাৰী মাহত 18 বছৰ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক ভোটাৰ তালিকাত নাম অন্তভুৰ্ক্তিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰ বাবে প্ৰশাসনে অহা 16, 17, 23 আৰু 24 ডিচেম্বৰত বিশেষ প্ৰচাৰ অভিযান চলাব বুলিও সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়ক : বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.