Dengue Outbreak in Assam: ধনশিৰি মহকুমা ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:00 PM IST

thumbnail

সৰুপথাৰ, 28 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ লগতে ধনশিৰি মহকুমাটো ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে । চৰকাৰী তথ্য মতে, 65 জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ডেংগুৰ উপস্থিতি । ইয়াৰে 12 জন হৈছে দাঁতিকাষৰীয়া কাৰ্বি আংলং জিলাৰ । কিন্তু প্ৰকৃততে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ইয়াতকৈ বহু বেছি ।

ব্যক্তিগত চিকিৎসালয়ত বহু সংখ্যক ৰোগী ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে । আনকি বহু লোক ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈ ঘৰতেই চিকিৎসা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে । আনহাতে, সৰুপথাৰ নগৰৰ 3 নং বাৰ্ডৰ এজন যুৱক ডেংগুত আক্ৰান্ত হৈ বুধবাৰে গুৱাহাটীত মৃত্যু হৈছে বুলি চৰকাৰী তথ্যত পোহৰলৈ আহিছে ।

ইফালে ডেংগু মহামাৰীক লৈ শেহতীয়াকৈ ধনশিৰি মহকুমা প্ৰশাসন তথা জিলা প্ৰশাসনৰো তৎপৰতা বৃদ্ধি পাইছে । বৰ্তমান ধনশিৰি মহকুমা স্বাস্থ্য বিভাগে পঞ্চায়তে পঞ্চায়তে সজাগতা সভা, ধোঁৱা দিয়া, ঔষধি আঁঠুৱাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Dengue Outbreak in Assam : গোলাঘাটৰ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত ডেংগুৰ প্ৰাদুৰ্ভাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.