Dengue Outbreak in Assam : গোলাঘাটৰ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত ডেংগুৰ প্ৰাদুৰ্ভাৱ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 2:54 PM IST

thumbnail

সৰুপথাৰ, ২২ ছেপ্টেম্বৰ : বিগত কেইটামান দিনৰ পৰা কাৰ্বি আংলং জিলাৰ দেওপানীত ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা মাত্ৰাধিক হৈছিল । বৰ্তমান সময়ত ক্ৰমাৎ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । মাত্ৰ এটা সপ্তাহতে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈ এতিয়া ৫০ ৰ ঘৰ চুইছেহি ।

মহকুটোৰ বৰপথাৰ, বিলগাঁও, টেঙানি, সৰুপথাৰ, নাওজান, চুঙাজান, উৰিয়ামঘাট, গেলাবিল আদি বিভিন্ন ঠাইৰ বৰ্তমানলৈকে ৪৩ জন লোক এই ৰোগত আক্ৰান্ত হৈছে । ইয়াৰে ৩২ জন ডেংগুত আক্ৰান্ত ৰোগী গোলাঘাট, যোৰহাট আৰু ডিমাপুৰত চিকিৎসাধীন হৈ আছে ।

ইপিনে মহকুমাটোৰ চিকিৎসা কেন্দ্ৰসমূহত চিকিৎসাৰ বাবে প্ৰতিদিনে জ্বৰ হোৱা ৰোগীৰ বৃদ্ধি পাবলৈ ধৰিছে ৷ অনাগত দিনত ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা অধিক প্ৰকট হৈ পৰিছে । আনহাতে, মহকুমা স্বাস্থ্য বিভাগে কিছু কিছু ঠাইত ধোঁৱা দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ডেংগু ৰোগক প্ৰতিহত কৰিবলৈ চৰকাৰৰ ফালৰ পৰা আজি পৰ্যন্ত কোনোধৰণৰ সজাগ বা সচেতনতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Dengue Outbreak in Bangladesh: বাংলাদেশত ডেংগুৰ সংহাৰি ৰূপ; চলিত বৰ্ষত 800 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.