CYSS Press Meet in Guwahati: শিক্ষকসকলক মানসিক নিৰ্যাতন চলাইছে: অভিযোগ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:49 PM IST

thumbnail

গুৱাহাটী, ৭ অক্টোবৰ: শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাদানৰ কাৰ্যসূচী বন্ধ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক চৰকাৰী অনাশৈক্ষিক কামত ব্যস্ত ৰখাৰ অভিযোগ তুলিলে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে ৷ এই‌ সন্দৰ্ভত শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে শিক্ষা বিভাগৰ কৰ্মকাণ্ডক সমালোচনা কৰে সংগঠটোৱে ৷ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সভাপতি দিব্যজ্যোতি কুলিয়ে অনাশৈক্ষিক কামত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰা কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে সংবাদমেল যোগে ৷

‘‘সংকটৰ গৰাহত থকা চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত হৈ বিজেপি চৰকাৰ ৷ শৈক্ষিক দিনপঞ্জীক সম্পূর্ণ একাষৰীয়া কৰি ‘অমৃত কলহ’, ‘অমৃত বৃক্ষ’, ‘‘এক তাৰিখ, এক ঘন্টা" আদি দিৱস উদযাপনৰ নামত যোৱা মাহত ২০ দিনেই শিক্ষক, ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰখা হৈছিল ৷ আনকি বহু ঠাইত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সভাতো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিতি দেখা গৈছে ৷ দেওবাৰে বন্ধৰ দিনতো শিক্ষকসকলক শিক্ষানুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছে ৷ এনে এক পর্যায় পাইছে গৈ যে, চৰকাৰে শিক্ষকসকলক অন্ধ শ্ৰমিক অথবা কৃতদাসৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে ৷ শিক্ষকসকল মানসিক নির্যাতনৰ বলি হৈছে ৷’’ এই বিস্ফোৰক অভিযোগ তুলিলে সংগঠনটোৱে ৷

লগতে পঢ়ক:Assam Police Vacancy : অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.