ETV Bharat / state

Assam Police Vacancy : অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 6:25 PM IST

Assam Police Vacancy
অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

অক্টোবৰ মাহত প্ৰকাশ পাব আৰু ১৫ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন । সামজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । অসম চৰকাৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ প্ৰতি সদা দায়বদ্ধ । শীঘ্ৰে পূৰণ কৰা হ'ব ১ লাখ চৰকাৰী নিযুক্তি প্ৰদানৰ দিয়াৰ প্ৰতিশ্ৰুতি ।

গুৱাহাটী, ৭ অক্টোবৰ : এক লাখ চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ অৱশ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এবছৰত এক লাখ চৰকাৰী চাকৰি দিয়া ৷ কিন্তু আঢ়ৈ বছৰত এতিয়াও চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব পৰা নাই ৷ এই বছৰৰ ভিতৰত চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা অনুসৰি শনিবাৰে অসম আৰক্ষীত নিযুক্তিৰ বাবে ৫,৫৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ।

আনহাতে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ প্ৰতি সদা দায়বদ্ধ ৷ ১ লাখ চৰকাৰী নিযুক্তি প্ৰদানৰ দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ ওলাইছোঁ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনোৱা মতে অসম আৰক্ষীত নিযুক্তিৰ বাবে শনিবাৰে ৫,৫৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই অক্টোবৰ মাহতে আন বিভাগৰ প্ৰায় ১৫ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাব । মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলক আবেদন জনোৱাৰ আহ্বান জনাই এটা পৰ্টেলৰ লিংক দিছে । মুখ্যমন্ত্ৰীয়ে আবেদন জনোৱাৰ বাবে দিয়া লিংকটো হৈছে - https://www.slprbassam.in ৷

উল্লেখ্য যে অসম আৰক্ষী, এফ এণ্ড ই এছ, এ পি আৰ অ', ডিজিচিডি আৰু কাৰাগাৰ আদিৰ অধীনত ৫,৫৬৩ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । প্ৰাৰ্থীসকলে অনলাইনত আবেদন দাখিল কৰিব পাৰিব । অনলাইন আৱেদন ১৫ অক্টোবৰ ২০২৩ৰ পৰা আৰম্ভ কৰা হ’ব আৰু আবেদনৰ অন্তিম দিন ১ নবেম্বৰ । আজি প্ৰকাশ পোৱা অসম আৰক্ষীৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপনৰ ভিতৰত আছে কনিষ্টবল ইউ বিত ১১৪ টা পদ আৰু কনিষ্টবল এ বিত বেকলগত ১ পদকে ধৰি মুঠ ১১৫টা পদ । নাও চালকৰ ৫৮ টা পদ । এ পি আৰ অ'ত ইউ বি কনিষ্টবল ১৬৪৫ টা, এবি কনিষ্টবল ২৩০০ টা, ইউ বি কনিষ্টবল এটাকে ধৰি আছে মুঠ ৩৯৪৬ টা পদ ।

আনহাতে সহকাৰী উপ-নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষা (কনিষ্ঠ) এটা আৰু অসামৰিক প্ৰতিৰক্ষা প্ৰদৰ্শক-ৱায়াৰলেচ অপাৰেটৰ ডিজিচিডি আৰু চি জি এইচ জিত ১২ টা পদকে ধৰি মুঠ ১৩ টা পদ । অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ ৫১টা পদ ।

অসম আৰক্ষীত চতুৰ্থ বৰ্গৰ ৰান্ধনিৰ ২৬ টা, নাপিতৰ ১২ টা, ৱাটাৰ কেৰিয়াৰৰ ৩ টা, ধোবাৰ ১১ টা আৰু মুচীৰ ২ টা পদত বিজ্ঞাপন দিয়া হৈছে । তদুপৰি কমাণ্ডো বেটেলিয়নত চতুৰ্থ বৰ্গৰ ৰান্ধনিৰ ৭ টা, নাপিতৰ ২ টা, ৱাটাৰ কেৰিয়াৰৰ ২৪ টা, ধোবাৰ ১৩ টা, ইলেক্ট্ৰিচিয়ানৰ ২ টা, প্লাম্বাৰৰ ১ টা, মিস্ত্ৰীৰ ১ টা আৰু দৰ্জীৰ ৩ টা পদ ।

ডি জি চি ডি আৰু চি গি এইচ জিৰ চতুৰ্থ বৰ্গৰ ৰান্ধনিৰ ১৯ টা, নাপিতৰ ৩ টা, ৱাটাৰ কেৰিয়াৰৰ ৩ টা, ধোবাৰ ৭ টা আৰু মুচীৰ ৩ টা পদসহ মুঠ ১৪২টা পদত নিযুক্তি দিয়া হ'ব । আনহাতে এছ ডি আৰ এফৰ অধীনত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৰান্ধনিৰ মুঠ ১০ টা পদত নিযুক্তি দিয়া হ'ব । সেইদৰে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সঞ্চালকালয়ত হাবিলদাৰৰ বাবে ২ টা পদত নিযুক্তি দিয়া হ'ব । অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল এ বিৰ ১৬৪ টা পদত নিযুক্তি দিয়া হ'ব । সেইদৰে অসমৰ কাৰাগাৰ বিভাগত নাৰ্ছৰ ১ টা লেবৰেটৰী টেকনিচিয়ানৰ ২ টা, শিক্ষকৰ ৪টা, ক্ৰাফ্ট প্ৰশিক্ষকৰ ২ টা আৰু ট্ৰেক্টৰ অপাৰেটৰৰ ১ টা পদত নিযুক্তি দিয়া হ'ব ।

অসম পুলিচৰ উপ-পৰিদৰ্শকৰ (ইউ বি) মুঠ ১৪৪ টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে । এ পি আৰ অ'ৰ উপ-পৰিদৰ্শকৰ (যোগাযোগ) ৭ টা পদ, অসম পুলিচৰ ড্ৰাইভাৰ কনিষ্টবলৰ ৬৫৪ টা পদ, এ পি আৰ অ'ৰ কনিষ্টবলৰ (যোগাযোগ) ২০৪ টা পদ, প্ৰেৰণ ৰাইডাৰৰ ২ টা পদ, মেচেঞ্জাৰৰ ২ টা পদ আৰু কাৰপেণ্টাৰৰ ২টা পদসহ মুঠ ২১০ টা পদত নিযুক্তি দিয়া হ'ব । সেইদৰে অসম আৰক্ষীত এছ কে পদত ৩০ টা, অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নত এছ কে পদত ২ টা, কাৰাগাৰ বিভাগৰ অধীনত এছ কে পদত ২ টা আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ অধীনত চুইপাৰৰ পদত ৩ টাসহ মুঠ ৩৭ টা পদত নিযুক্তি দিয়া হ'ব । এই চাকৰিসমূহত আবেদন কৰাৰ বাবে যোগ্যতাৰ চৰ্ত, দৰমহা, বয়স আদি বিভিন্ন তথ্য এছ এল পি আৰ বিৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে । ইফালে আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ এক নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰা হয় । য’ত শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৩১৮ টা পদত নিযুক্তি লাভ কৰা ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: Protest in Biswanath : নতুন পেন্সন নীতি বাতিলৰ দাবীত বিশ্বনাথত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.