ETV Bharat / entertainment

এগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ 37 বছৰৰ পাচত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল তেওঁৰ ছবি - Cannes Film Festival 202

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:54 PM IST

Manthan At Cannes 2024: কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ‘মন্থন’ প্ৰদৰ্শিত হয় । পত্নী ৰত্না পাঠক আৰু প্ৰতীক বব্বৰৰ সৈতে তেওঁ উপস্থিত হয় কাঁ চলচ্চিত্ৰ মহোৎসৱত ।

Naseeruddin Shah Spotted in Cannes Film Festival 2024
কাঁ চলচ্চিত্ৰ মহোৎসৱ (etv bharat)

চিটাৰা ডেস্ক, 18 মে’ : ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় শ্যাম বেনেগালৰ ‘মন্থন’ । ১৯৭৬ চনৰ ভাৰতীয় ক্লাছিক ছবিখনত নাছিৰুদ্দিন শ্বাহ, গিৰিশ কৰ্ণাদ, স্মিতা পাটিল আৰু অমৃশ পুৰীয়ে বিশেষ ভূমিকা পালন কৰিছিল । ছ’চিয়েল মিডিয়াত এই ছবিখন প্ৰদৰ্শনৰ ছবি প্ৰকাশ পাইছে ৷ প্ৰদৰ্শনৰ সময়ত নাছিৰুদ্দিন শ্বাহ আৰু তেওঁৰ পত্নী-অভিনেত্ৰী ৰত্না পাঠক শ্বাহ, স্মিতা পাটিলৰ পুত্ৰ তথা অভিনেতা প্ৰতীক বব্বৰ আৰু ভাৰ্গেজ কুৰিয়েনৰ কন্যা নিৰ্মলা কুৰিয়েন উপস্থিত আছিল ৷

প্ৰতীকে শ্বেয়াৰ কৰিছে ভিডিঅ’:

চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ পিচত, দৰ্শকে ছবিখনৰ প্ৰশংসা কৰে আৰু সমগ্ৰ কলাকুশলীসকলৰ বাবে থিয় হৈ হাত চাপৰি বজায় ৷ প্ৰতীকে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ভাল লগা মুহূৰ্তটোৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । স্ক্ৰীণিঙৰ আগতে, প্ৰতীক বাব্বৰে তেওঁৰ স্বৰ্গীয় মাতৃ তথা প্ৰবীণ অভিনেত্ৰী স্মিতা পাটিলৰ বাবে এটা আন্তৰিক টোকা পোষ্ট কৰে । "তেওঁৰ মৃত্যুৰ ৩৭ বছৰ পাচতো তেওঁৰ সত্ত্বা জীয়াই আছে । তেওঁৰ মৃত্যুৰ 37 বছৰ পিচত 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ মন্থন প্ৰদৰ্শন কৰা হৈছে । এইটো মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ মুহূৰ্ত হ'ব ।"

ভাৰ্গেজ কুৰিয়েনৰ শ্বেত বিপ্লৱৰ পৰা অনুপ্ৰাণিত এই ছবিখন:

‘মন্থন’ ড৹ ভাৰ্গেজ কুৰিয়েনৰ শ্বেত বিপ্লৱৰ পৰা অনুপ্ৰাণিত ছবি । ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে ছবিখন নিৰ্মাণ কৰা হৈছিল, য’ত ৫ লাখ কৃষকে ২ টকাকৈ বৰঙণি আগবঢ়াইছিল । নাছিৰুদ্দিন শ্বাহ, স্মিতা পাটিলৰ উপৰিও ছবিখনৰ কাষ্টৰ ভিতৰত আছিল কুলভূষণ খাৰবান্দা, অনন্ত নাগ আৰু সুৰেশ বেদী ।

লগতে পঢ়ক : কেৱল বলীউড তাৰকাই নহয়, ভাৰতৰ প্ৰভাৱশালী সুন্দৰীয়েও কাঁ 2024 ত আনিছে গ্লেমাৰৰ পয়োভৰ - Indian Influencer at Cannes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.