ETV Bharat / entertainment

কেৱল বলীউড তাৰকাই নহয়, ভাৰতৰ প্ৰভাৱশালী সুন্দৰীয়েও কাঁ 2024 ত আনিছে গ্লেমাৰৰ পয়োভৰ - Indian Influencer at Cannes

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:47 PM IST

Cannes 2024: ভাৰতীয় প্ৰভাৱশালী সুন্দৰী আস্থা শ্বাহৰ পৰা নিহাৰিকা এনএমলৈ কাঁ 2024 ত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে ৷ দীপ্তি সাধৱানীয়ে বিয়পাইছে গ্লেমাৰ ৷ চাওক-

Indian Influencer Beauties at Cannes 2024
ভাৰতৰ প্ৰভাৱশালী সুন্দৰী (etv bharat)

চিটাৰা ডেস্ক, 17 মে’ : ছ'চিয়েল মিডিয়াৰ তাৰকা সুন্দৰীসকলে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ৰ পৰা তেওঁলোকৰ আকৰ্ষণীয় ছবিসমূহ শ্বেয়াৰ কৰিছে । কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ভাৰতৰ বাবে অতি বিশেষ । ইয়াত বলীউডৰ বহু অভিনেত্ৰীয়ে ৰেড কাৰ্পেটত নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছে । একে সময়তে বহু ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰো কাঁ লৈ গৈছে আৰু তাৰ পৰা নিজৰ ছবি পোষ্ট কৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।

আস্থা শ্বাহ

বিউটি, ফেশ্বন আৰু লাইফষ্টাইল কন্টেন্ট ক্ৰিয়েটৰ আস্থা শ্বাহে কাঁ ২০২৪ ত অংশ লৈছে ৷ কাঁ ফিল্ম ফেষ্টিভেলৰ পৰা ছ’চিয়েল মিডিয়াত নিজৰ ৰেড কাৰ্পেটৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে আস্থাই । আস্থা শ্বাহক যথেষ্ট আকৰ্ষণীয় ৰূপত দেখা গৈছে । ১০ লাখ অনুৰাগীয়ে ইনষ্টাগ্ৰামত আস্থাক অনুসৰণ কৰে । আস্থাই কৈছে যে কাঁ লৈ যোৱাৰ পিচতে তেওঁৰ অনুগামীৰ সংখ্যা ১০ লাখ হ’ল ।

নিহাৰিকা এনএম

আকৰ্ষণীয় ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ তথা প্ৰিয়ংকা চোপ্ৰাকে ধৰি বহু বলীউডৰ তাৰকাৰ সৈতে কাম কৰা নিহাৰিকা এন এমেও প্ৰথমবাৰৰ বাবে কাঁ লৈ যোৱাৰ সুযোগ লাভ কৰে । ৩৪ লাখ অনুৰাগীয়ে ইনষ্টাগ্ৰামত নিহাৰিকাক অনুসৰণ কৰে । নিহাৰিকাই নিয়ন ড্ৰেছত নিজৰ ধুনীয়া ছবি শ্বেয়াৰ কৰিছে ।

আৰজে কৰিশ্মা

আনহাতে, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী সুন্দৰী আৰু আৰ জে কৰিশ্মাইও প্ৰথমবাৰৰ বাবে কাঁ লৈ যোৱাৰ সুযোগ লাভ কৰে । কৰিশ্মাই কাঁ ২০২৪ ৰ প্ৰথম দিনাই নিজৰ ধুনীয়া ছবি শ্বেয়াৰ কৰে ৷ থৰৰ অভিনেতা ক্ৰীছ হেমছৱৰ্থৰ সৈতে তেওঁৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল ।

দীপ্তি সাধৱানী

একে সময়তে, তাৰক মেহতা কা উলটা চশমা খ্যাত অভিনেত্ৰী আৰু গায়িকা দীপ্তি সাধৱানীয়েও কাঁ 2024 ত তেওঁৰ ষ্টাইল প্ৰদৰ্শন কৰিছে । অভিনেত্ৰীগৰাকীয়ে কাঁ 2024 ৰ পৰা তেওঁৰ দ্বিতীয় দিনৰ ফটো শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক : কাঁ 2024 ত ঐশ্বৰ্য-আৰাধ্যাৰ মায়াজাল - AISHWARYA RAI BACHCHAN AT CANNES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.