ETV Bharat / state

মেধা, প্ৰতিভাই ভাঙে সকলো বাধাৰ প্ৰাচীৰ, মেধাবী ছাত্ৰীৰ সাফল্যৰ কাহিনী - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:17 PM IST

Assam HS Result 2024: প্ৰতিভা, মেধা থাকিলে কেতিয়াও থমকি ৰ'ব নালাগে । তাকেই প্ৰমাণ কৰিলে এগৰাকী মেধাবী ছাত্ৰীয়ে । ছাত্ৰীগৰাকীৰ মেধাৰ দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিল কেইবাগৰাকীও মানৱ দৰদী লোক । পিছে কিয় চৰ্চাত এইগৰাকী মেধাবী ছাত্ৰী ? জানিবলৈ চাওঁক এই প্ৰতিবেদন ।

Human beings come forward to help meritorious students in Bokakhat
মেধা, প্ৰতিভাই ভাঙে সকলো বাধাৰ প্ৰাচীৰ, মেধাবী ছাত্ৰীৰ সাফল্যৰ কাহিনী (ETV Bharat Assam)

মেধা, প্ৰতিভাই ভাঙে সকলো বাধাৰ প্ৰাচীৰ, মেধাবী ছাত্ৰীৰ সাফল্যৰ কাহিনী (ETV Bharat Assam)

কাজিৰঙা,১৮ মে': আজি চয়নিকাই হাঁহিছে । চয়নিকাৰ সপোনে পোখা মেলিছে । হাঁহি বিৰিঙালে কেইবাজনো সুহৃদয়বানে । পিছে, কিয় চৰ্চাত চয়নিকা ? চয়নিকা গন্ধীয়া । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুখ্যাতি লাভ কৰি বোকাখাতবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল এই চয়নিকা গন্ধীয়াই । আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ লগতে ৰাজনীতি বিজ্ঞানত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল মেধাবী ছাত্ৰীগৰাকী ৷ আৰ্থিক দুৰাৱস্থাৰ পিছতো এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল চয়নিকা । হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ইৰ্ষনীয় সফলতা অৰ্জন কৰিছিল চয়নিকাই ।

কিন্তু, সেই সময়তে চয়নিকাৰ জীৱনলৈ নামি আহিল এক বিভীষিকা । শ্ৰমিক পিতৃ পতিত হ'ল দুৰ্ঘটনাত । স্তিমিত হ'ল চয়নিকাৰ উচ্চ শিক্ষাৰ সপোন । চয়নিকাৰ ভাল ফলাফলে ঘৰখন পোহৰাই তোলাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পংগুত্বক আঁকোৱালি লয় মেধাবী ছাত্ৰীগৰাকীৰ পিতৃয়ে । কোনোমতে ঘৰখন চলাই নিয়া মুৰব্বীজন শয্যাগত হৈ পৰাত নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত ।

চয়নিকাৰ সাফল্য সন্দৰ্ভত বোকাখাত নিৱাসী সামাজিক কৰ্মী নৱজ্যোতি ৰাজখোৱাই সেই সময়ত সামাজিক মাধ্যমত বিষয়টো তুলি ধৰাত চয়নিকাৰ সাহস হৈ থিয় দিলে বোকাখাতৰ বেষ্ট একাডেমিৰ সঞ্জীৱ বৰঠাকুৰ আৰু বেষ্ট একাডেমিৰ পৰিয়াল । বিনামূলীয়াকৈ চয়নিকাই বেষ্ট একাডেমিত অধ্যয়ন কৰিবলৈ ল’লে ৷ আনহাতে, কঠোৰ অধ্যৱসায়ৰ ফলত এই দুবছৰীয়া যাত্ৰাত আন এক সাফল্য আনিবৰ সক্ষম হ’ল চয়নিকা ৷ এইবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা চয়নিকাই লাভ কৰিলে আন এক সুখ্যাতি ৷

আকৌ একেবোৰ সমস্যা । কিদৰে লাভ কৰিব উচ্চ শিক্ষা ? প্ৰতিভা, মেধা থাকিলে যে থমকি ৰ'ব নালাগে পুনৰ সেই কথা প্ৰমাণিত হ'ল । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰ পাছতেই চয়নিকাৰ শৈক্ষিক জীৱনৰ সংগ্ৰামত সহযোগ কৰিবলৈ আগবাঢ়ি আহিল বোকাখাতৰ বিশিষ্ট সমাজসেৱক মহাবীৰ প্ৰসাদ আগৰৱালা, বোকাখাতৰ সমাজকৰ্মী আকাশ ফুকন, নৱজ্যোতি ৰাজখোৱাৰ দৰে ব্যক্তিসকল ।

সম্প্ৰতি উচ্চ শিক্ষাৰ বাবে যোৰহাট জে বি মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ পঢ়িবলৈ ইচ্ছা কৰা চয়নিকাৰ সপোন ভৱিষ্যতে অসামৰিক সেৱাৰ স’তে জড়িত হোৱা । চয়নিকাৰ সপোন সাৰ্থক হওক । লগতে সমাজত প্ৰতি ক্ষেত্ৰতে আগবাঢ়ি আহক এইসকলৰ দৰে আৰু বহু মানৱদৰদী ব্যক্তি ।

লগতে পঢ়ক: সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পাহিৰ উচ্চ শিক্ষাক লৈ চিন্তিত পিতৃ-মাতৃ - Assam HS Result 2024

দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.