Govt employee sent to 5 days custody: কে কে শৰ্মাক পাঁচদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ

By

Published : Oct 29, 2022, 8:52 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ঘোচখোৰ এ চি এছ বিষয়া কে কে শৰ্মাক পাঁচদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ । শুক্ৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল ৰাজ্য চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা(Corrupted govt employee arrested) । ৯০ হাজাৰ টকা উৎকোচ লোৱা সময়তে হাতেলোটে ধৰা পৰিছিল চৰকাৰী বিষয়াজন । আনহাতে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ ৰুক্মিণীগাঁৱৰ বাসগৃহত পুৱতি নিশা ৩ বজালৈ দুৰ্নীতি নিবাৰকৰ শাখাই অভিযান চলায়(Vigilance and Anti Corruption Assam)৷ অভিযানকালত বাসগৃহৰ পৰা জব্দ হয় ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা ৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হৈছিল শৰ্মা । আজি আদালতত হাজিৰ কৰোৱাৰ পিছতে ৫ দিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিন্মালৈ প্ৰেৰণ কৰা হয় ঘোচখোৰ চৰকাৰী বিষয়াজনক ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.