Cooperative society news: আন্দোলনত বহাৰ হুংকাৰ সমবায় সমিতিৰ কৰ্মচাৰীৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:09 PM IST

thumbnail

গুৱাহাটী, 10 নৱেম্বৰ: শীঘ্ৰেই সমবায় সমিতিসমূহ খুলি নিদিলে আন্দোলনত বহিব সমবায় সমিতিৰ কৰ্মচাৰীসকলে ৰাজ্যৰ বহুমুখী সমবায় সমিতিকলৈ হেতালি খেলাৰ অভিযোগ তুলিছে সমবায় সমিতিৰ কৰ্মচাৰীসকলে । অনুষ্টুপীয়াকৈ বন্ধ ৰাখিম বুলি কৈ বৰ্তমান 11 মাহ পৰ্যন্ত খুলি নিদিয়াত সমস্যাত পৰিছে সমবায় সমিতিৰ কৰ্মচাৰীসকল ৷ 

ৰাজ্যৰ বিভিন্ন জিলাৰ সমবায় সমিতি কাৰ্যালয়সমূহ বন্ধ ৰখাৰ ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৰ্মচাৰী তথা গ্ৰাহকসকলৰ । উল্লেখ্য যে, সমগ্ৰ অসমত হাজাৰ হাজাৰ শিক্ষিত থলুৱা যুৱক-যুৱতীৰে গঠন হোৱা সমবায় সমিতিৰ 226 টা শাখাত আছে প্ৰায় 5500 জন কৰ্মচাৰী । 2022 চনৰ 30 ডিচেম্বৰত অনুষ্টুপিয়াকৈ বন্ধ কৰি দিয়া হৈছিল সমবায় সমিতিৰ কাৰ্যালয়সমূহ। সমবায় সমিতিৰ সচিবৰ বিৰুদ্ধে উত্থাপন হোৱা এক অভিযোগৰ ভিত্তিত বন্ধ কৰি দিয়া হৈছিল সমবায় সমিতি । 

ইয়াৰ পিছত আজি পৰ্যন্ত কাৰ্যালয়সমূহ খুলি নিদিয়াত প্ৰতিদিনে মহানগৰীৰ খানাপাৰাস্থিত সমবায় ভৱনলৈ আহিবলগীয়াত পৰিছে বিভিন্ন জিলাৰ কৰ্মচাৰীসকলে । শীঘ্ৰে কাৰ্যালয়সমূহ খুলি নিদিলে কৰ্মচাৰীসকলে আন্দোলনত নামিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক: Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.