ETV Bharat / state

Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 11:25 AM IST

Updated : Nov 10, 2023, 2:03 PM IST

Bandana Kalita Murder case update
জামিন পালে ডাবল মাৰ্ডাৰ কাণ্ডৰ দ্বিতীয় অভিযুক্তই

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্ত বন্দনা কলিতা আৰু ধনটি ডেকালৈ ন্যায়ালয়ৰ জামিন ৷ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰকাণ্ডটোৰ দ্বিতীয় আৰু তৃতীয়জন অভিযুক্তই পালে জামিন ৷ কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত বৃহস্পতিবাৰে প্ৰদান কৰে জামিন ৷ ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে আন এক অভিযুক্ত অৰূপ ডেকাৰ জামিন মঞ্জুৰ কৰিছিল । পূৰ্ণাংগ অভিযোগনামা দাখিল‌ত অসম আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই হত্যাকাণ্ডটোৰ‌ অন্যতম তিনিওজনকৈ অভিযুক্তই অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হ'ল বুলি চৰ্চা চলিছে ৷

গুৱাহাটী, 10 নৱেম্বৰ : স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাৰ বাবেই অৱশেষত জামিন লাভ কৰিলে গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্ত বন্দনা কলিতা আৰু ধনটি ডেকাই । কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত বৃহস্পতিবাৰে কেইবামাহো জেল খটাৰ পাছত বন্দনা কলিতা আৰু ধনটি ডেকাৰ জামিন আৱেদনৰ শুনানী গ্ৰহণ কৰি জামিন মঞ্জুৰ কৰে । ‌কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত চৰ্ত সাপেক্ষে মঞ্জুৰ কৰা হয় জামিন ।

চৰ্ত অনুসৰি, সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ'ব লাগিব অভিযুক্ত বন্দনা । আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই । স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ক হত্যাৰ অভিযোগ উত্থাপন হৈছিল বন্দনা আৰু ধনটি ডেকাৰ বিৰুদ্ধে । উল্লেখ্য যে, কিছুদিন পূৰ্বে নুনমাটিৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকাই জামিন লাভ কৰিছিল । কেইবামাহো কাৰাবন্দী হৈ থকাৰ পাচত গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰূপৰ জামিন মঞ্জুৰ কৰিছিল ।

বন্দনা কলিতাই আম দুজন অভিযুক্তৰ সহায়ত শাহুৱেক শংকৰী দে’ আৰু গিৰিয়েক অমৰজ্যোতি দে’ক হত্যা কৰি মেঘালয়ৰ ডাউকীৰ দুৰ্গম পাহাৰৰ পৰা তললৈ পেলাই দিয়া বুলি চাঞ্চল্যকৰ অভিযোগ উঠিছিল । হত্যা সংঘটিত হোৱাৰ কেইবামাহৰ পাছতহে পোহৰলৈ আহিছিল মাতৃ-পুত্ৰৰ হত্যাৰ ঘটনাটো ।

উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাটোৰ পূৰ্ণাংগ অভিযোগনামা দাখিল‌ কৰিব নোৱাৰাৰ বাবেই নুনমাটিৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকা, ধনটি ডেকা আৰু বন্দনা কলিতাই অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হ’ল । গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰূপ ডেকা আৰু বন্দনা কলিতাৰ জামিন সন্দৰ্ভত দিয়া নিৰ্দেশনাত আৰক্ষীৰ তদন্তৰ হেমাহীৰ কথা স্পষ্টকৈ উল্লেখ আছে । লক্ষণীয় বিষয় যে, প্ৰায়‌ এবছৰ‌ পূৰ্বে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক অমানুষিকভাৱে হত্যা কৰা‌ৰ কথা পোহৰলৈ আহিছিল ।

ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বন্দনা কলিতা,‌ ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰিছিল । পিছত আৰক্ষীয়ে এই হত্যাকাণ্ডৰ 1200 পৃষ্ঠাজোৰা আংশিক অভিযোগনামা আদালতত দাখিল কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাটোৰ পূৰ্ণাংগ অভিযোগনামা দাখিল‌ত ব্যৰ্থ হোৱাৰ বাবেই হত্যাকাণ্ডটোৰ‌ অন্যতম তিনিওজন অভিযুক্তই অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হ'ল ৷

লগতে পঢ়ক: Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

Last Updated :Nov 10, 2023, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.