Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:27 AM IST

Updated : Nov 10, 2023, 10:06 AM IST

thumbnail

ধেমাজি, 10 নৱেম্বৰ : ধেমাজিত চাঞ্চল্যকৰ ঘটনা ৷ দীপাৱলীৰ প্ৰাকক্ষণত ব্যৱসায়ী বন্দুকৰ পৰা ফুটিল গুলী ৷ সময়মতে বেটাৰী সেৱা আগবঢ়াব নোৱাৰাৰ বাবেই শূণ্যলৈ গুলী চলোৱাৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে ৷ ধেমাজি নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা ৷ শূণ্যলৈ গুলী চালনা কৰা ব্যৱসায়ীজনৰ নাম ৰাজু তামুলী বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ধেমাজিৰ ভৰালী চুকস্থিত পল্লৱী বেটেৰী এণ্ড টায়াৰ চাৰ্ভিছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযুক্ত ৰাজু তামুলীয়ে সদলবলে প্ৰৱেশ কৰি স্বত্বাধিকাৰী টাবলু ৰয়ক প্ৰাণৰ ভাবুকি প্ৰদান কৰে ৷ কেৱল ভাবুকি প্ৰদানতেই শান্ত নাথাকি ব্যক্তিগৰাকীয়ে শূণ্যলৈ গুলী চালনা কৰাৰ অভিযোগ তোলে ভুক্তভোগী টাবলু ৰয়ে ৷ 

সমগ্ৰ ঘটনাৰ কাৰণ ব্যৱসায়কেন্দ্ৰীক সংঘাতৰ ফল বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীৰ পৰা এটা .32 mm পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ এনেদৰে ফুটগধূলিতে চহৰৰ মাজমজিয়াত সংঘটিত গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷

লগতে পঢ়ক: Petrol pump sealed : গ্ৰাহকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগত ছীল হ’ল পেট্ৰ’ল পাম্প

Last Updated : Nov 10, 2023, 10:06 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.