Badaruddin Ajmal Statement : আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ-ভূপেন বৰা-ৰাণা গোস্বামীৰ

By

Published : Dec 2, 2022, 11:03 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শুকুৰবাৰে নিশা কংগ্ৰেছৰ "ভাৰত জোড়ো যাত্ৰা"ই যোৰহাট জিলাত প্ৰৱেশ কৰে । জিলাখনত উপস্থিত হৈয়েই সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে(AIUDF chief Badruddin Ajmal) হিন্দু বিবাহ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ কংগ্ৰেছ নেতাকেইগৰাকীয়ে অসম চৰকাৰৰ ব্যৰ্থতা অন্ধকাৰত ৰখাৰ বাবেই আজমল আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী আৰু আজমল দুয়ো অসমৰ ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰে ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ব্যৰ্থতা আৰু ভাৰত জোড়া যাত্ৰাৰ জনপ্ৰিয়তা দেখি আজমলৰ নম্বৰ টিপি এক ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ কৰে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.