কলিয়াবৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত সমষ্টিভিত্তিক খেল মহাৰণ 2023 ৰ সামৰণি

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:55 AM IST

thumbnail

কলিয়াবৰ, 1 ডিচেম্বৰ: কলিয়াবৰত সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণৰ সফলতাৰে সামৰণি পৰে বৃহস্পতিবাৰে ৷ কলিয়াবৰৰ 18 টা গাঁও পঞ্চায়তৰ প্ৰায় তিনি হাজাৰ খেলুৱৈ আৰু কৰ্মকৰ্তাৰে উখল-মাখল হৈ থকা ডাঃ টি. আও ষ্টেডিয়ামখন নিজম পৰিল ৷ যোৱা 27 নৱেম্বৰৰ পৰা কলিয়াবৰৰ উল্লেখিত ষ্টেডিয়ামখনত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল ৰাজ‍্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2023 বৰ্ষৰ সমষ্টি ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি ৷ 

নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ 2746 গৰাকী গ্ৰামাঞ্চলৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। সামৰণী অনুষ্ঠানত বিজয়ী খেলুৱৈসকললৈ বঁটা বিতৰণৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি লিজা তালুকদাৰ, প্ৰশাসনীয় বিষয়াসকলৰ লগতে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল ।

লগতে পঢ়ক: মুকালমুৱাত বৰক্ষেত্ৰী সমষ্টিৰ ভিত্তিত খেল মহাৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.